মাজুলী, 25 এপ্ৰিল: যোৱা ৭, ৮ আৰু ৯ ব’হাগত মাজুলীত অনুষ্ঠত হৈছিল পুবেৰুণ কলা পৰিষদৰ সৌজন্যত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত উক্ত অনুষ্ঠানতেই জুবিন গাৰ্গক প্ৰদান কৰা হৈছিল "সংগীত সিন্ধু" বঁটা । শিল্পী জুবিন গাৰ্গক উক্ত বঁটা প্ৰদান কৰিছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে ।
সত্ৰাধিকাৰৰ হাতৰ পৰা বঁটা গ্ৰহণৰ পিচতেই জুবিন গাৰ্গে সত্ৰাধিকাৰসকলক প্ৰভূ ঈশ্বৰ সম্বাধনৰ বিৰোধিতা কৰিছিল ৷ ইয়াৰ পিচতেই বিতর্কত সোমাই পৰিছিল জুবিন গাৰ্গ । সত্ৰাধিকাৰসকলৰ লগতে আন বিভিন্নজনে সমালোচনা কৰিছিল জুবিন গাৰ্গক । সামাজিক মাধ্যমযোগে একাংশই শিল্পীগৰাকীক সমৰ্থন কৰাও পৰিলক্ষিত হৈছিল ৷
প্ৰায়েই বিতৰ্কৰ আওতাত সোমাই শিল্পীগৰাকীৰ নতুন বিতৰ্কটোৰ তিনিদিন পিচত বৃহস্পতিবাৰে সাৰ পালে মাজুলী জিলা সত্ৰ মহাসভাই । বৃহস্পতিবাৰে মাজুলী জিলা সত্ৰ মহাসভাই এখন সভা সম্বোধন কৰি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।