অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীলৈ আহি মা কামাখ্যাৰ আশিস বিচাৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই

মা কামাখ্যাৰ আশিস লৈ ভোটযুদ্ধৰ বাবে সাজু হ’ল মহাৰাষ্ট্ৰ মুখ্যমন্ত্রী ৷ মা কামাখ্যাৰ আৰ্শীবাদত নিৰ্বাচনত জয়ী হৈ পুনৰ শাসনত আহিব বুলি মন্তব্য একনাথ সিন্দেৰ ৷

Maharashtra CM Eknath Shinde
কামাখ্যাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী: অহা 20 নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচন ৷ তাৰ পূৰ্বে মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ বাবে বুধবাৰে কামাখ্যা মন্দিৰত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে । উল্লেখ্য যে, মঙলবাৰে নিশা এদিনৰ বাবে গুৱাহাটীত উপস্থিত হৈছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকী । নিশা গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত কটায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰপৰা পুৱা পোনে পোনে তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ বাবে নীলাচল পাহাৰলৈ আহে ।

দেৱী কামাখ্যাক পূজা অৰ্চনা কৰাৰ অন্ততঃ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সিন্দেই সমাগত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভাল ফলাফল প্ৰদৰ্শন কৰিব বুলিও মতামত ব্যক্ত কৰে ৷ মা কামাখ্যাৰ আৰ্শীবাদত নিৰ্বাচনত জয়ী হৈ পুনৰ শাসনত আহিব বুলিও মন্তব্য কৰে জ্যেষ্ঠ ৰাজনীতিবিদজনে ৷

কামাখ্যাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে (ETV Bharat Assam)

লগতে পঢ়ক:মহাৰাষ্ট্ৰত এটা আৰু ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা

নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ আৰ্শীবাদ ল‘বলৈ আহিছো- সিন্দে

সিন্দেই কয় - “কামাখ্যা মাৰ দৰ্শন কৰি মই সুখী আনন্দিত ৷ যোৱাবাৰ চৰকাৰ গঠনৰ পূৰ্বে আৰু তাৰ পিছতো কামাখ্যা দৰ্শন কৰিবলৈ আহিছিলো ৷ এইবাৰে কামাখ্যা মাৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা যাম ৷ এই পৰাই আমাৰ কামৰ সূচনা হ’ব ৷”

ৰাইজ আমাৰ পক্ষত বুলি দাবী সিন্দেৰ

আসন্ন মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মহাযুঁটী মিত্ৰজোঁটৰ প্ৰদৰ্শন কেনে হ’ব সেই প্ৰশ্নৰ উত্তৰত সিন্দেই কয় যে " আমি 100 শতাংশতকৈয়ো অধিক বিশ্বাসী ৷ যোৱা আঢ়ৈ বছৰত আমাৰ চৰকাৰে যি কাম কৰিলে তাৰ তুলনা যদি আমি পূৰ্বৰ মহাবিকাশ আঘাড়ী চৰকাৰৰ কামৰ সৈতে কৰোঁ, তেনেহ’লে ৰাইজে নিজেই আমাক ভোট দিব ৷"

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

পূৰ্বৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰক সমালোচনা

সিন্দেই পূৰ্বৰ উদ্ধৱ থাকৰে নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয় যে "আন্তঃগাঁথনিৰ দিশত দেশৰ শীৰ্ষ ৰাজ্য হোৱা স্বত্ত্বেও মহাবিকাশ আঘাড়ী চৰকাৰে ৰাজ্যখনক স্থবিৰ কৰি তুলিছিল ৷ কিন্তু আমি শাসনত অহাৰ লগে লগে আন্তঃগাঁথনিমূলক প্ৰকল্পবোৰক ৰূপায়ণ কৰাত মনোনিৱেশ কৰি ৰাস্তা-ঘাট, ফ্লাই অভাৰ, মেট্ৰৰ বিকাশৰ জৰিয়তে উন্নয়নক গতি প্ৰদান কৰিবলৈ সক্ষম হ’লো ৷ ৰাইজে সেই উন্নয়ন লক্ষ্য কৰিছে ৷”

নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ বাবে সিন্দেৰ পৰৱৰ্তী বক্তব্য -“আমাৰ চৰকাৰ সাধাৰণ জনতাৰ চৰকাৰ ৷ চৰকাৰৰ জৰিয়তে সাধাৰণ জনতাৰ লাভ হোৱাটো দৰকাৰ, তেওঁলোকে সুবিধা পোৱাটো দৰকাৰ আৰু আমি সেইক্ষেত্ৰত কাম কৰিছো ৷"

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমত উপ-নিৰ্বাচন: কোন দলে ক’ত কাক দিব প্ৰাৰ্থিত্ব ?

ব্যক্তিগত স্বাৰ্থৰ বাবেই জন্ম হৈছিল মহাবিকাশ আঘাড়ী মিত্ৰজোঁটৰ

মহাবিকাশ আঘাড়ী মিত্ৰজোঁটক সমালোচনাৰ লক্ষ্য কৰি লৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীজনে কয় যে "এমভিএত থকাসকলে ৰাইজৰ বাবে নহয় নিজৰ স্বাৰ্থৰ কাৰণে চৰকাৰ বনাইছিল ৷ তেওঁলোকৰ নিজৰ মাজতেই মিল নাই ৷ গতিকে মই ভাবো তেওঁলোকে নিজৰ মাজতেই বিবাদত লিপ্ত হৈ উজুটি খাব আৰু মা কামাখ্যাৰ আৰ্শীবাদত পুনৰ ৰাইজৰ চৰকাৰ শাসনলৈ আহিব ৷"

পৰৱৰ্তী সময়ত শাসনত আহিলে কৃষকসকল তথা মৰমক ভনীসকলৰ বাবে আধৰুৱা কামবোৰ কৰি যাব বুলিও সদৰী কৰে একনাথ সিন্দেই ৷ "আমি যি প্ৰতিশ্ৰুতি দিও তাক পূৰণ কৰোঁ ৷ ৰাইজেও জানে এইখন চৰকাৰ দিবলৈ আৰু কাম কৰিবলৈ সাজু থকা চৰকাৰ ৷ এইখন চৰকাৰ উন্নয়নৰ লক্ষ্যত কাম কৰা চৰকাৰ ৷ যাৰ বাবে আমি আত্মবিশ্বাসী ৷"

এইদৰেই নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ মা কামাখ্যাৰ চৰণত সেৱা জনাই ভোটযুদ্ধৰ বাবে সাজু হ’ল মহাৰাষ্ট্ৰৰ বৰ্ষীয়ান নেতাগৰাকী ৷ এতিয়া মা কামাখ্যাৰ আশীৰ্বাদ তেওঁ তথা তেওঁৰ চৰকাৰখনে লাভ কৰে নে নাই সেই কথা জানিব পৰা যাব অহা 23 নৱেম্বৰত হে ৷

লগতে পঢ়ক:খেলিমেলি লাগিছে নেকি বঙাইগাঁও অগপত ? ৪০ বছৰীয়া দুৰ্গত অথন্তৰ

ABOUT THE AUTHOR

...view details