গুৱাহাটী:উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত স্নান কৰিছে কোটি কোটি ভক্তই । পিছপৰি নাথাকিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
'হৰ হৰ মহাদেৱ' বুলি গংগা, যমুনা, সৰস্বতীৰ ত্ৰিবেণী সংগমৰ পানীত ডুব মাৰি পূণ্যস্নান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সপৰিয়ালে স্নান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে শুকুৰবাৰে ত্ৰিবেণী সংগমত স্নান কৰা দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । মুখ্যমন্ত্ৰীৰ লগতে মহাকুম্ভত স্নান কৰা দেখা গ’ল তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মাক ।
সামাজিক মাধ্যম ফেচবুকত মহাকুম্ভ মেলাত সপৰিয়ালে স্নান কৰাৰ অভিজ্ঞতা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ক’লে,“মহাকুম্ভৰ জীৱন সমৃদ্ধ সময় ! প্ৰয়াগৰাজত পৰিয়ালসহ ত্রিবেণী সংগমত আজি স্নান কৰাৰ অপাৰ সৌভাগ্য লাভ কৰিলোঁ । যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য থাকিব তেতিয়ালৈকে সনাতন ধৰ্ম থাকিব ।”
আনহাতে, সামাজিক মাধ্যম X ত তেওঁ নিজৰ উচাহ এইদৰে প্ৰদৰ্শন কৰিলে,''আজি ত্ৰিবেণী সংগমত স্নানৰ অভিজ্ঞতাক শব্দৰে বর্ণনা কৰিবলৈ অপাৰগ । ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়-ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এক সমন্বয় । এনে এটি দিব্যস্থানত ৰাজ্যবাসীৰ সুখ-সমৃদ্ধি আৰু শান্তিৰ কামনাৰে প্রার্থনা আগবঢ়াবলৈ পাই ধন্য হৈছোঁ ।”
উল্লেখযোগ্য যে, ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব মহাকুম্ভ মেলাৰ । উত্তৰ প্ৰদেশ চৰকাৰে সদৰী কৰা তথ্য অনুসৰি মহাকুম্ভ মেলাত বৰ্তমানলৈকে ৪৫ কোটি ভক্তই স্নান কৰাৰ কথা আছিল । কিন্তু বৰ্তমানলৈকে প্ৰায় ৫০ কোটিৰো অধিক ভক্তই স্নান কৰিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত । যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে আৰম্ভ হোৱা পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাখন মুঠ ৪৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল ৷
উল্লেখ্য যে, পুৱাবেলা যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ত্ৰিবেণী সংগমত সপৰিয়ালে পূণ্যস্নান কৰিছিল, সেই পুৱাবেলাই শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত চলি আছিল সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ প্ৰসংগত উত্তপ্ত পৰিৱেশ ।