ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰ :প্ৰথমে ঘটনাৰ পটভূমি ৰচনা, তাৰ পিছত পৰিকল্পনা । ইয়াৰ পিছত হিংসা, আক্ৰমণ আৰু হত্যা । এয়া এখন থ্ৰীলাৰধৰ্মী হিন্দী ছবিৰ কাহিনীৰ সাৰাংশ । কিন্তু ছবিৰ চিত্ৰায়ন 'ৰিল'ত নহয়, এইবাৰ হৈছে 'ৰিয়েল'ত; অৰ্থাৎ বাস্তৱত সংঘটিত এটা ৰূপালী পৰ্দাৰ দৰে ঘটনা । ঘটনাটো সংঘটিত হৈছিল যোৱা ১০ ছেপ্টেম্বৰত । ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁও । এই নৃশংস ঘটনাৰ বলি হোৱা এগৰাকী নিৰীহৰ হত্যাৰ 'প্ৰহেলিকা' ফালি ওলাই আহে তেওঁৰ নিজৰে 'প্ৰহেলিকা' ।
সমগ্ৰ ডিব্ৰুগড় তথা অসমৰ বাবেই এটা অভিশপ্ত দিন আছিল ১০ ছেপ্টেম্বৰ । কিয়নো এই দিনটোতে বঙহে বঙহৰ ৰক্তৰে ৰঞ্জিত হোৱাৰ এক নৃশংস ঘটনাৰ সাক্ষী হৈছিল জেৰাই গাঁও । জলসম্পদ বিভাগৰ এগৰাকী কৰ্মচাৰীৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ।
ঘটনাটো কি আছিল
যোৱা ১০ ছেপ্টেম্বৰত নিশা চোকা অস্ত্ৰ আৰু ধুমুচেৰে খুন্দিয়াই হত্যা কৰা হৈছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক । শোৱাপাটীতে হত্যা কৰা হৈছিল অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীগৰাকীক । তাকো হত্যাৰ বলি হৈছিল নিজৰ পত্নীৰ হাতত । নিজ স্বামীক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰি মাধুৰ্য বৰুৱাৰ পত্নী প্ৰহেলিকা বৰুৱাই আৰম্ভ কৰিছিল এখন নাটক ।
প্ৰহেলিকাৰ 'হত্যা প্ৰহেলিকা' কেনেদৰে আঁতৰিছিল
চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে মুখত ক'লা কাপোৰ বান্ধি শুই থকা অৱস্থাত মাধুৰ্যক হত্যা কৰা বুলি ভাষ্য প্ৰদান কৰিছিল মাধুৰ্য বৰুৱাৰ পত্নীয়ে । আনহাতে, সংবাদ মাধ্যমক ঘৰত প্ৰৱেশ কৰি বাতৰি পৰিবেশন কৰিবলৈ দিয়া নাছিল পত্নীয়ে । ইফালে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত । এই তদন্তৰ অন্তত ১৪ ছেপ্টেম্বৰত চাবুৱাৰ জেৰাই গাঁৱত নিজ স্বামী মাধুৰ্য বৰুৱাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় পত্নী প্ৰহেলিকা বৰুৱাসহ ময়ন্ত গগৈ আৰু ভাস্কৰ শইকীয়া নামৰ আন দুই সহযোগী । ইয়াৰ পিছত তিনিওকে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।