অসম

assam

ETV Bharat / state

ৰাইজৰ দলৰ সৈতে অজাপৰ একত্ৰিকৰণত বিজেপিয়ে উৎপাত লগাইছে; লুৰীণজ্যোতি গগৈ - LURIN JYOTI GOGOI

কি কাৰণে অজাপই ৰাইজৰ দলৰ সৈতে একত্ৰিত হ'ব পৰা নাই ? অখিল গগৈক কি উপদেশ দিলে লুৰীণজ্যোতি গগৈয়ে ।

Annual Session of Barpeta AJP
অজাপৰ বৰপেটা জিলা সমিতিৰ বাৰ্ষিক অধিবেশন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 8:18 PM IST

বৰপেটা : ২০২৬ৰ বিধানসভা নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত তথা পৰিষদীয় নিৰ্বাচনক লৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ অসম জাতীয় পৰিষদে আৰম্ভ কৰিছে অভিযান । ইয়াৰ মাজতেই দেওবাৰে বৰপেটাৰ ভেল্লাত অনুষ্ঠিত হয় দলটোৰ বৰপেটা জিলা সমিতিৰ বাৰ্ষিক অধিবেশন । এই অধিবেশনত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য় কৰে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

দুটা দল একত্ৰিত হোৱাতো সহজ কথা নহয় :

উক্ত অধিবেশনত লুৰীণজ্যোতি গগৈয়ে ৰাইজৰ দলৰ সৈতে অজাপৰ একত্ৰিকৰণ সম্পৰ্কত মন্তব্য কৰি কয়," দুটা দল একত্ৰিত হোৱাতো সহজ কথা নহয় । চিপিআই, জিপিএ, চিপিআই (এমএল), ফৰৱাৰ্ড ব্লক আদি একে আদৰ্শৰ দল যদিও একলগ হ'ব পৰা নাই ।" অসম আন্দোলনৰ সময়ত বামপন্থী আৰু জাতীয়তাবাদী সকলৰ মাজত থকা সংঘাত আৰু দ্বন্দ্বৰ কথাও উল্লেখ কৰি সেই সংঘাত আছে আৰু থাকিব বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

অজাপৰ বৰপেটা জিলা সমিতিৰ বাৰ্ষিক অধিবেশন (ETV Bharat Assam)

তেওঁ কয়," মই আচৰিত হৈছো আমাৰ দল দুটা একলগ হোৱাৰ ক্ষেত্রত বিজেপিয়েও উৎপাত লগাই আছে । দল দুটা লগ হোৱাৰ ক্ষেত্ৰত বিজেপি বেছি উৎসাহী । বিজেপিৰ মানুহেই দেখোন বেছি আগভাগ লৈছে । সেয়ে এইবোৰ কথা চালিজাৰি চাব লাগিব । অখিল গগৈৰ সংগ্ৰামৰ সৈতে আমি আছো । ভোট কেতিয়াও ভাঙিবলৈ নিদিও । কিন্তু এটা দল হোৱাত কাৰিকৰী আৰু আদৰ্শগত সমস্যা আছে ।" তেওঁ অখিল গগৈক কথাবোৰ বুজিবলৈ আহ্বান জনায় । ৰাইজৰ আহ্বান নুশুনাৰ বাবেই বিহালী আৰু চামগুৰিত কংগ্ৰেছকো হৰুৱালে আৰু চিপিআই(এমএল) কো হৰুৱালে । ৰাইজৰ আহ্বান নুশুনিলে ২০২৬তো একেই অৱস্থা হ'ব ৷"

তেওঁ কয়, "বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ পাব বিচাৰিলে এৰা-ধৰা কৰি নিজৰ স্থিতিৰ পৰা অলপ তললৈ নামি আহি, মোক ইমানখিনি আসন লাগিবই এইবোৰৰ পৰা আঁতৰি থাকিব লাগিব । বিজেপিৰ পৰাভূত কৰাৰ স্বাৰ্থত অহংকাৰী দল আৰু ব্যক্তি স্বাৰ্থই যদি অগ্ৰাধিকাৰ পায় তেন্তে ফলাফল ভুলকৈ আহিব ।" বৰপেটা জিলা সমিতিৰ বাৰ্ষিক অধিবেশনৰ মুকলি সভাত জগদীশ ভূঞাৰ লগতে দলীয় নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক:৭ ডিচেম্বৰত আকৌ এবাৰ হোটেল লিলিত বৈঠক, পুনৰ একত্ৰিত হ’ব বিৰোধী দলসমূহ ! - LURIN JYOTI GOGOI REACTION

অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ? - MERGE OF RAIJOR DAL AND AJP

ABOUT THE AUTHOR

...view details