সৰুপথাৰ, 31 জুলাই : পেৰিছ অলিম্পিক 2024ত বিজয়েৰে অভিযান আৰম্ভ কৰিলে অসম কন্যা লাভলীনাই ৷ আজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল মেচখনত ন’ৰৱেৰ প্ৰতিদ্বন্দ্বীগৰাকীক 5-0 ৰব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনা বৰগোহাঁয়ে ৷ এই সাফল্যৰ পিচতে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই আৰু খেলুৱৈগৰাকীৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে ৷
কন্যাৰ এই সফলতাত উৎফুল্লিত পিতৃ টিকেন বৰগোহাঁয়ে সংবাদ মাধ্যমৰ আগত কয় যে, খেলৰ পূৰ্বে তেওঁৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল লাভলীনাই ৷ তেওঁ কয়, "ইয়াৰ পৰৱৰ্তী ৰাউণ্ডত লাভলীনাৰ প্ৰতিদ্বন্দ্বীগৰাকী যথেষ্ঠ শক্তিশালী ৷ গতিকে যথেষ্ঠ প্ৰত্যাহ্বান আহিব ৷ এই প্ৰত্যাহ্বান নেওচি তেওঁ আগুৱাই যাব লাগিব ৷" তদুপৰি পিতৃয়ে সাংবাদিকৰ আগত সদৰী কৰিলে লাভলীনাৰ খাদ্যাভাসৰ লগতে আন কিছু কথা ৷ পিতৃয়ে কয়- "লাভলীনাই শাওন মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰে ৷ লগতে নিৰ্দিষ্ট বাৰত লাভলীনাই ব্ৰত ৰাখে ৷ তাই কিছু ধৰ্মীয় ৰীতি-নীতিও কিছু মানি চলে ৷" ইফালে যিসকল লোকে লাভলীনাৰ সফলতাৰ বাবে পূজা-অৰ্চনা কৰিছিল, শুভেচ্ছা তথা উৎসাহ জনাইছিল সকলোকে পিতৃ টিকেন বৰগোহাঁয়ে সংবাদ মাধ্যমযোগে ধন্যবাদ জ্ঞাপন কৰে ৷