তিনিচুকীয়া, ১৬ জুন :আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ কিন্তু চাহ কোম্পানীসমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷
কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়তে ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত পহিলা জুনৰ পৰা কলঘৰত নোলোৱাৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ পাচতে হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷
শনিবাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে ডুমডুমাত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয় । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ উপস্থিতিত "অসম চাহ"ৰ স্বকীয়তা জীয়াই ৰখাৰ সন্দৰ্ভত আলোচনা কৰা হয় । এই সভাত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সন্মুখত সঘনাই দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ।