গুৱাহাটী, ১৪ ছেপ্টেম্বৰ :সোণাপুৰৰ কচুতলীত উচ্ছেদিতৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছৰ সঁজাতি দলক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই উভতাই পঠিয়ালে স্থানীয় দল-সংগঠনে । শনিবাৰে সোণাপুৰত উচ্ছেদ অভিযানৰ ষষ্ঠটো দিন । আজিৰ দিনটোতো সোণাপুৰত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গ’ল । সোণাপুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডিমৰীয়াৰ দল-সংগঠনৰ মানৱ শৃংখলেৰে ১২ ছেপ্টেম্বৰত উচ্ছেদকাৰী আৰক্ষী-প্ৰশাসনৰ ওপৰত বেদখলকাৰীৰ আক্ৰমণৰ প্ৰতিবাদত মানৱ শৃংখল সৃষ্টি কৰে ৷
আনহাতে সোণাপুৰৰ কচুতলিৰ উচ্ছেদ সন্দৰ্ভত পৰিস্থিতিৰ বুজ ল’বলৈ আহিছিল অসম প্ৰদেশ কংগ্ৰেছৰ কেবাজনো আগশাৰীৰ বিষয়ববীয়াৰ এটা সজাতি দল । কিন্তু কচুতলীৰ উচ্ছেদস্থলীত প্ৰৱেশত বাধা প্ৰদান কংগ্ৰেছৰ বিষয়ববীয়াক ডিমৰীয়াৰ দল-সংগঠনৰ ৷ সোণাপুৰ কচুতলীৰ ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথতে উত্তেজনাময় পৰিস্থিতিৰ সূচনা হয় ৷
কংগ্ৰেছৰ সজাতি দলটোক উভতাই পঠিওৱাৰ মূল কাৰণ হিচাবে স্থানীয় দল-সংগঠনৰ নেতাৰ যুক্তি- “আৰক্ষী-প্ৰশাসনে নিজৰ কাম কৰি আছে । বাহিৰৰ পৰা অহা ৰাজনৈতিক দলৰ ইয়াত কোনো কাম নাই ৷ যোৱা বিশ বছৰ ধৰি আমি এই দাবী জনাই আহিছিলো । কিন্তু গুৰুত্ব পোৱা নাছিল । সেয়ে আমি কালিও এ আই ইউ ডি এফ দলক উভতাই পঠিয়াইছো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই ।”
“যোৱা ১২ ছেপ্টেম্বৰত উচ্ছেদ চলোৱা আৰক্ষী-প্ৰশাসনৰ ওপৰত যি বৰ্বৰোচিত আক্ৰমণ চলোৱা হ’ল আমি তাৰ নিন্দা কৰিছো । আমি আজি সোণাপুৰত স্থানীয় দল-সংগঠনে মানৱ শৃংখলেৰে প্ৰতিবাদ কৰিছো ।”- মন্তব্য প্ৰতিবাদকাৰীৰ ৷