অসম

assam

ETV Bharat / state

এসপ্তাহে এটা নামঘৰত জ্বলা নাই চাকি ! - SARUPATHAR NAMGHAR

নামঘৰৰ চৌহদত কোনে পেলাইছে শৌচালয়ৰ আৱৰ্জনাময়, লেতেৰা পানী ? লেতেৰা পানী গচকি কোনোৱেই যাব নোৱাৰে নামঘৰলৈ ।

Sarupathar Namghar
এসপ্তাহে এটা নামঘৰত জ্বলা নাই চাকি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 1:41 PM IST

সৰুপথাৰ :বিগত এসপ্তাহ ধৰি সৰুপথাৰৰ এটা ঐতিহাসিক নামঘৰত চাকি জ্বলাব পৰা নাই গাঁওবাসীয়ে । ইয়াৰ কাৰণ জানিলে আপুনিও আচৰিত হ'ব ৷

নামঘৰত কিয় জ্বলা নাই চাকি ?

এসপ্তাহে এটা নামঘৰত জ্বলা নাই চাকি (ETV Bharat Assam)

সৰুপথাৰ নগৰৰ ৪ নং ৱাৰ্ডত আছে সৰুপথাৰ নগৰ সাৰ্বজনীন নামঘৰটো । ১৯৫৬ চনতে এই নামঘৰটো স্থাপিত হৈছিল । স্বাভাৱিকতে অঞ্চলটোৰ লোকসকলৰ স্বাভিমানৰ প্ৰতীক এই নামঘৰটো । কিন্তু কিছুদিনৰ পৰা এই নামঘৰটোলৈ চাকি-বন্তি জ্বলাবলৈ আহিব পৰা নাই ভক্ত তথা অঞ্চলটোৰ ৰাইজ ।

কাৰণ কি ?

ইয়াৰ কাৰণ বাখ্য়া কৰি একাংশ স্থানীয় লোক অনা-অসমীয়া ৩ টা পৰিয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে । তেওঁলোকৰ অভিযোগ অনুসৰি অনা-অসমীয়াৰ দপদপনিৰ বাবেই অসমীয়াৰ উপাসনাস্থলী নামঘৰত জ্বলা নাই চাকি । স্থানীয় ৰাইজে অভিযোগ কৰা মতে সৰুপথাৰ নগৰৰ ৪ নং ৱাৰ্ডৰ দ্বাৰিকা পাৰিক, ৰবি মিশ্ৰ আৰু অজয় মিশ্ৰৰ লগতে দ্বাৰিকা পাৰিকৰ পুত্ৰ মনদ্বীপ পাৰিকৰ বাবেই তেওঁলোকে নামঘৰত চাকি জ্বলাব পৰা নাই । অনা-অসমীয়া পৰিয়ালকেইটাৰ বিৰুদ্ধে ইতিমধ্যে পৌৰসভাকো অভিযোগ দিছে অঞ্চলটোৰ লোকসকলে । কিন্তু পৌৰসভাকো তেওঁলোকে কোনো কেৰেপ নকৰাৰ অভিযোগ উঠিছে ।

স্থানীয় লোকৰ মতে পৰিয়ালকেইটাৰ বাবে বিগত এসপ্তাহ ধৰি নামঘৰত জ্বলা নাই চাকি । অভিযোগ অনুসৰি অনা-অসমীয়া পৰিয়ালকেইটাই অবৈধভাৱে নিৰ্মাণ কৰিছে নলা-নৰ্দমা । সেই নলাৰে তেওঁলোকৰ ঘৰৰ আৰু শৌচালয়ৰ আৱৰ্জনাময়, লেতেৰা পানী নামঘৰলৈ অহা পথত জমা হৈ থাকে । সৰুপথাৰ পৌৰসভাৰ লগতে স্থানীয় লোকসকলে এই কথা পৰিয়ালকেইটাক অৱগত কৰাৰ পিছতো তেওঁলোকে লেতেৰা পানী নামঘৰৰ চৌহদত এৰি দিছে । যাৰ ফলত আৱৰ্জনাময়, লেতেৰা পানী গচকি নামঘৰত চাকি জ্বলাব নোৱৰা হৈছে স্থানীয় লোকসকলে । অনা-অসমীয়া পৰিয়ালকেইটাই যোৱা দেওবাৰে নামঘৰলৈ অহা পথটো অবৈধভাৱে খান্দি তেওঁলোকৰ ঘৰৰ শৌচালয়, প্ৰস্ৰাৱগাৰৰ পানী নামঘৰৰ চৌহদত পেলাৱাৰ ব্যৱস্থা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

সেয়েহে এতিয়া নিৰুপায় হৈ নামঘৰৰ আই-মাতৃ, ভকতসকলে তথা নামঘৰৰ লগত জড়িত লোকসকলে এই অনা-অসমীয়া পৰিয়ালকেইটাৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ দল-সংগঠনক কাতৰ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :চাহ বাগিচাৰ চাকৰিৰ পৰা অব্য়াহতি লৈ মৃণ্ময় মূৰ্তি নিৰ্মাণত ব‍্যস্ত এগৰাকী শিল্পী - SILPI PENSION 2025

ABOUT THE AUTHOR

...view details