অসম

assam

ETV Bharat / state

চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ: ধলাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - Road blocked with dead body

Road blocked: এগৰাকী মহিলাৰ মৃতদেহ লৈ তিনিচুকীয়া জিলাৰ ধলা গাঁৱৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ ৷ চিকিৎসকৰ গাফিলতিৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ অভিযোগ স্থানীয় লোকৰ ৷ উক্ত ঘটনাৰ উচিত তদন্তৰ লগতে মহিলাগৰাকীৰ ছয় বছৰীয়া সন্তানৰ সম্পূৰ্ণ দায়িত্ব চিকিৎসকে বহন কৰাৰ দাবী স্থানীয় লোকৰ ৷

Road blocked with dead body
ধলা ছৈখোৱাৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ পথ অৱৰোধ

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 10:36 PM IST

ধলা ছৈখোৱাৰ ১১৫নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ পথ অৱৰোধ

তিনিচুকীয়া, ৬ এপ্ৰিল: তিনিচুকীয়া জিলাৰ ধলাত শনিবাৰে স্থানীয় ৰাইজে এগৰাকী মহিলাৰ মৃতদেহ লৈ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ডুমডুমাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত শুকুৰবাৰে মহিলাগৰাকীৰ মৃত্যু হয় ৷ মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত আজি ঘৰলৈ নিয়াৰ পাচতে ধলা গাঁৱৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে ।

জানিব পৰা মতে, ধলা গাঁৱৰ ২৫ বছৰীয়া গীতালি সোণোৱাল নামৰ বোৱাৰীগৰাকীৰ সামান্য পেটৰ বিষ হোৱাৰ বাবে পৰিয়ালৰ লোকে ডাঃ প্ৰণৱজ্যোতি ডেকাৰ ডুমডুমা পলিক্লিনিক আৰু নাৰ্চিং হোমত ভৰ্তি কৰাইছিল । চিকিৎসকে গীতালিৰ শাৰীৰিক পৰীক্ষা কৰাৰ পাচত অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷ কিন্তু অস্ত্ৰোপচাৰ কৰাৰ পাচতেই মৃত্যু হয় বোৱাৰীগৰাকীৰ ৷

গীতালিৰ আকস্মিক মৃত্যুত ক্ষোভিত হৈ পৰে পৰিয়ালৰ লগতে গাঁওবাসী ৷ ডুমডুমা পলিক্লিনিক আৰু নাৰ্চিং হোমত ভুল চিকিৎসাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে । ডাঃ প্ৰণৱজ্যোতি ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ৰাইজ ।

পৰিয়ালৰ অভিযোগ অনুসৰি পেটৰ বিষ হোৱাৰ বাবেই ৩০ মিনিটত তিনিবাৰকৈ অস্ত্ৰোপচাৰ কৰে চিকিৎসকে । চিকিৎসকে গোপনে চিকিৎসালয়খনত এম্বুলেন্সো মজুত কৰি ৰখাৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

আজি বোৱাৰীগৰাকীৰ মৃতদেহ ধলা গাঁৱত উপস্থিত হোৱাৰ পাচতেই ক্ষুদ্ধ ৰাইজে মৃতদেহ লৈ পথ অৱৰোধৰ জৰিয়তে উক্ত ঘটনাৰ উচিত তদন্ত দাবী কৰে ৷ তেওঁলোকে লগতে মহিলাগৰাকীৰ ছয় বছৰীয়া সন্তানৰ সম্পূৰ্ণ দায়িত্ব চিকিৎসকগৰাকীয়ে বহন কৰিব লাগিব বুলি দাবী জনায় ৷ পৰৱৰ্তী সময়ত পথ অৱৰোধস্থলীত স্থানীয় আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ।

লগতে পঢ়ক:বৰহাপজানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ একাংশৰ পথ অৱৰোধ

ABOUT THE AUTHOR

...view details