গুৱাহাটী: আজি পবিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰিছে বৰদিন । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৰদিনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । মহানগৰীত থকা গীৰ্জাসমূহত আৰম্ভ হৈছে ভিৰ । এই গীৰ্জাসমূহৰ মাজতেই জিলিকি আছে উত্তৰ-পূৰ্বাঞ্চলৰ অটাইতকৈ পুৰণি গীৰ্জাটো । ক'ত আছে এই পুৰণি গীৰ্জাটো ?
লিখা আছে সোণালী ইতিহাস :
১৭৯ বছৰ পূৰ্বে মহানগৰীৰ নাভিকেন্দ্ৰত স্থাপিত এই ঐতিহাসিক গীৰ্জাটোৰ বুকুতেই লিখা আছে সোণালী ইতিহাস । উত্তৰ-পূৰ্বাঞ্চলৰ অটাইতকৈ পুৰণি গীৰ্জাটোত আজি বৰদিন উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । ১৮৪৪ চনতে গুৱাহাটীৰ পাণবজাৰত স্থাপন কৰা হৈছিল গুৱাহাটী খ্ৰীষ্ট চাৰ্চ (Christ)। বৃটিছৰ শাসন কালতে স্থাপন হোৱা এই গীৰ্জাটোৱে মহানগৰীৰ বিভিন্ন ঘটনা পৰিঘটনাৰ উত্থান পতনৰ সাক্ষী হৈ আছে ।
১৭৯ বছৰ পূৰ্বে গৌহাটী খ্ৰীষ্ট চাৰ্চ নামেৰে পৰিচিত গুৱাহাটী খ্ৰীষ্ট গীৰ্জাই খ্ৰীষ্টান ধৰ্মৰ বীজ অসমত কিদৰে সিঁচিছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্য়া বৃদ্ধিয়ে ইয়াৰ প্ৰমাণ দাঙি ধৰে । গুৱাহাটীত বৰ্তমান কেইবাটাও গীৰ্জা আছে যদিও পাণবজাৰৰ নেহৰু পাৰ্কৰ গাতে লাগি থকা গীৰ্জাটো হৈছে কেৱল গুৱাহাটীৰ নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি গীৰ্জা ।