বুধবাৰে বিয়লি বাঘটোক উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগে চেষ্টা কৰিছিল ৷ কিন্তু শৰীৰত আঘাত পোৱাৰ বাবে অসুস্থ বাঘটোৱে শুই থকা স্থানৰ পৰা লৰচৰ কৰিব পৰা নাছিল ।
তাৰ পাছতে বাঘটো উদ্ধাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ পাণবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ এটা বিশেষজ্ঞৰ দলৰ লোক উক্ত স্থানত উপস্থিত হয় । অৱশেষত বহু চেষ্টাৰ অন্তত দুখনকৈ এক্সকেভেটৰত উঠি বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ (CWRC)ৰ কৰ্মী তথা পশু চিকিৎসক আৰু বন বিভাগৰ দলে বাঘটো ট্ৰেংকুইলাইজড কৰে ।
সাধাৰণ দৃষ্টিত বাঘটো সুস্থ অৱস্থাত আছে যদিও কেন্দ্ৰলৈ নি পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্ততহে ইয়াৰ স্বাস্থ্যৰ বিষয়ে জানিব পৰা যাব ৷ সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে চিকিৎসক তথা বন বিভাগৰ লোকে ৷