গুৱাহাটী, ১৫ অক্টোবৰ:কংগ্ৰেছত দলতকৈ নেতা ডাঙৰ ! হাৰিয়ানা বিধানসভা নিৰ্বাচনৰত কংগ্ৰেছৰ বিফলতাৰ পাৰ্শ্বক্ৰিয়া বিয়পিছে অসমলৈয়ো । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ কংগ্ৰেছ নেতৃত্বৰ আভ্যন্তৰীণ বিবাদকে জগৰীয়া কৰি আত্মবিশ্লেষণৰ বাবে আহ্বান জনাইছিল । হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা ল’বলৈ দলীয় নেতা-কৰ্মীক আহ্বান জনাইছে বিৰোধীৰ দলপতি তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই ।
সামজিক মাধ্যমত এই প্ৰসংগত দেবব্ৰত শইকীয়াই লিখে, “লোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল'লে ভাল । নিজৰ ওপৰত প্ৰয়োগ কৰি ল’লে ক্ষতি হ’ব । হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল ।” দেৱব্ৰত শইকীয়াৰ এই আহ্বানে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিয়নো অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ক্ষমতাৰ টনা-আজোৰা প্ৰসংগই যোৱা কিছুদিন সামাজিক মাধ্যমত যথেষ্ট শিৰোনাম দখল কৰি আহিছে ।
ভূপেন বৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ বাবে আহ্বান জনাইছিল একাংশ কংগ্ৰেছীয়ে । আনকি, এ আই চি চিৰ নেতা, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবলৈ বাধ্য হৈছিল যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমত সভাপতি পদৰ সালসলনি কৰাৰ কথা চিন্তা কৰা নাই । ভূপেন বৰাই এই পৰ্যন্ত ভাল কাম কৰি আছে । তেনে এক পৰিৱেশৰ মাজতেই ৰাহুল গান্ধীৰ সুৰতে সুৰ মিলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই হাৰিয়ানাৰ নিৰ্বাচনৰ পৰা শিক্ষা ল’বলৈ জনোৱা আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে ।
সামাজিক মাধ্যমত আগবঢ়োৱা মন্তব্যৰ বিষয়ে অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীযা । আনহাতে এ পি চি চিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে এই প্ৰসংগত মন্তব্য কৰে,“আমাৰ নেতা ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন কৰি অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই উচিত সচেতনতামূলক বক্তব্যই আগবঢ়াইছে । নিৰ্বাচনত জয়-পৰাজয় থাকেই । জয়ৰ পৰা যিদৰে শিক্ষা ল'ব পাৰি, পৰাজয়ৰ পৰাও শিক্ষা ল’ব পাৰি ।"