তিনিচুকীয়া:সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ওপজা মাটিত জন্মগ্ৰহণ কৰা গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন । জনসমুদ্ৰলৈ পৰিণত হ’ল গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধস্থলী । শিল্পীগৰাকীৰ জন্মস্থান টুপছিঙা গাঁৱৰ দিপজ্যোতি যুৱ সংঘ তথা বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ উমৈহতীয়া প্ৰচেষ্টাত সফলভাৱে সম্পন্ন হয় এই আদ্যশ্ৰাদ্ধ । পুৱাৰ ভাগৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ উপস্থিতিত লোকাৰণ্য হৈ পৰিল কুণ্ডিল নদীৰ পাৰৰ শিল্পীগৰাকীৰ ঘৰখন ।
আৱাল বৃদ্ধ বনিতা সকলোৱে এপাক পদধূলা দিয়ে শিল্পীগৰাকীৰ আপোন ঘৰখনত । সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰে ২৬ খোলা গায়ন বায়নৰে মুখৰিত হ’ল শিল্পীগৰাকীৰ শদিয়াৰ বাসগৃহ । তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পৰা মুঠ ২৬ খোলাকৈ গায়ন-বায়নৰ দলে শিল্পীগৰাকীৰ ঘৰত গায়ন-বায়নৰ পবিত্ৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে শদিয়া । পুৱাৰ ভাগতে শিল্পীগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ সকলোৱে শিল্পীগৰাকীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে শিল্পীগৰাকীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখযোগ্য যে, সমাধিস্থলীত উপস্থিত হৈ শিল্পী গৰাকীৰ পত্নী যথেষ্ট আবেগিক হৈ পৰে আৰু অসমৰ জনগণক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে কয়, "মোৰ স্বামী ৰাজীৱে মোক এটা অন্যতম উপহাৰ দি থৈ গৈছে এইয়া হৈছে আমাৰ পুত্ৰ ৰিবো । অসমৰ ৰাইজৰ অকুণ্ঠ মৰমৰ প্ৰতিদান স্বৰূপে ৰিবোক জাতিটোৰ বাবে এৰি দিম ।" শেষত ৰাজীৱ শদিয়াই কৈ ভাল পোৱা 'জয় আই অসম' শ্ল’গানেৰে কান্দি উঠিল গণশিল্পীগৰাকীৰ পত্নীগৰাকীয়ে ।
লক্ষাধিক লোকৰ সমাগম ঘটা এই আদ্যশ্ৰাদ্ধখনত অহা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আপ্যায়ন কৰিবলৈ শদিয়াৰ ২৪ খনকৈ গাঁৱৰ ৰাইজে ২৩ টাকৈ লংগৰত সম্পূৰ্ণ নিৰামিষ ব্যঞ্জনৰে লক্ষাধিক ৰাইজক আপ্যায়িত কৰে । অন্যহাতে টুপছিঙা গাঁৱৰ নিজ গৃহৰ পাছফালে থকা এখন বিশাল পথাৰত কেইবাটাও বিশাল মণ্ডপত আদ্যশ্ৰাদ্ধৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচীৰ লগতে স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয় ।