অসম

assam

ETV Bharat / state

এটা পৰীক্ষা গ'ল, ছেপ্টেম্বৰত আৰু এটা: চৰকাৰী বিদ্যালয়ত এতিয়াও শিক্ষাৰ্থীয়ে নাপালে পাঠ্যপুথি - Free textbook in govt School

Free textbook for students: ছাত্ৰ-ছাত্ৰীক সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ যোগান ধৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ । ৰাজ্য়ৰ আন ঠাইৰ লগতে ৰঙিয়াৰ কেইবাখনো বিদ্য়ালয়ত ছাত্র-ছাত্ৰীয়ে এই পৰ্যন্ত লাভ কৰা নাই কেইবাটাও বিষয়ৰ পাঠ‍্যপুথি ৷

Free Text book
শিক্ষাখণ্ডৰ আন এক পুতৌলগা ছবি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 4:43 PM IST

ৰঙিয়া, ২ আগষ্ট:বিকশিত অসমৰ শিক্ষাখণ্ডৰ আন এক পুতৌলগা ছবি । ৰাজ্য় চৰকাৰে চৰকাৰী বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি সময়মতে যোগান ধৰা বুলি দাবী কৰি আহিলেও এতিয়াও বহু বিদ্য়ালয়ত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই কিতাপ । নতুন পাঠ্যক্ৰম আৰম্ভ হোৱাৰ চাৰি মাহ পিচতো কেইবাখনো কিতাপ লাভ নকৰিলে ছাত্ৰ-ছাত্ৰীসকলে । ফলত অধ্য়য়নৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে শ শ শিক্ষাৰ্থী ।

শিক্ষাখণ্ডৰ আন এক পুতৌলগা ছবি (ETV Bharat Assam)

ক্ষোভ উজাৰিলে অভিভাৱকে :

শুক্ৰবাৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰঙিয়াৰ ৭৭ নং উদিয়ানা বালক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে । উল্লেখ্য় যে ১৯২৮ চনতে স্থাপিত বিদ্যালয়খনৰ ১১৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে ৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী । পাঠ্যক্ৰম আৰম্ভ হোৱাৰ চাৰি মাহ পিচতো বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গণিত, অসমীয়া আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ অধ্যয়নৰ কিতাপ লাভ নকৰিলে । যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল এই বিষয়ৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে ।

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে আজি অভিযোগ উত্থাপন কৰি কয় যে আজিকোপতি কিতাপ যোগান ধৰিব নোৱাৰিলে বিদ্যালয় কৰ্তৃপক্ষই । ফলত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে কিতাপ বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।

শিক্ষামন্ত্ৰীক কিতাপ যোগান ধৰিবলৈ দাবী :

ইফালে, এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই বাৰে বাৰে উৰ্ধতন মহলত কিতাপ বিচাৰি আছে যদিও সময়মতে লাভ কৰা নাই পাঠ্য়পুথি । এইক্ষেত্ৰত ৰাইজে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে চৰকাৰে দম্ভালি মাৰিলেও শিক্ষাৰ্থীক সময়মতে পাঠ্য়পুথি যোগান ধৰিব পৰা নাই । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছে এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ ।

লগতে পঢ়ক:বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ প্ৰতিবাদ - AASU Protest In Jorhat

নিয়মীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ গৰ্জন - AASU Protest

ABOUT THE AUTHOR

...view details