কোকৰাঝাৰ, ৩০ মাৰ্চ :প্ৰায় ৫ বছৰৰ অন্তত ন্যায় পালে এটা পৰিয়ালে । ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ মুখত আজি সামান্য হাঁহি বিৰিঙিছে । কিয়নো ধৰ্ষণকাৰীক আদালতে ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে । এই ঘটনা কোকৰাঝাৰ জিলাৰ । কোকৰাঝাৰৰ বিশেষ আদালতে শনিবাৰে পক্সো আইনৰ অধীনত ধৰ্ষণকাৰী হবিবুৰ ৰহমানৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে । আনহাতে জৰিমনা অনাদায়ে পুনৰ এবছৰৰ সাধাৰণ কাৰাদণ্ড খাটিব লাগিব বুলিও বিশেষ আদালতৰ ন্যায়াধীশ জে কোচে ৰায়দানত উল্লেখ কৰিছে ।
গোচৰটো সন্দৰ্ভত চৰকাৰী অধিবক্তা মঞ্জিত কুমাৰ ঘোষে কয় যে ২০১৮ চনৰ ২ আগষ্টত অভিযুক্ত হবিবুৰ ৰহমানে এগৰাকী ১১ বছৰীয়া নাবালিকাক মোবাইল চোৱাৰ প্ৰলোভন দি ৰূমলৈ লৈ গৈছিল আৰু ধৰ্ষণ কৰিছিল । সেই ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ সৈতে খেলি থকা একাংশ সমনীয়াই পৰিয়ালৰ লোকক অৱগত কৰে আৰু লগে লগে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে ।