কোকৰাঝাৰ, ২৬ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিবেশনত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক এখন পূৰ্ণাংগ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বিধেয়ক গৃহীত হয় । কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক এখন পূৰ্ণাংগ ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বিধেয়ক সোমবাৰে অসম বিধানসভাৰ বাজেট অধিবেশনত গৃহীত হয় ৷ এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত বিৰাজ কৰিছে এক উছৱমুখৰ পৰিৱেশ ৷ চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰৱক্তা, কৰ্মচাৰী সকলোৱে মিলি ফটকা-আতচবাজী ফুটাই নৃত্য-গীতেৰে কৰিলে হৰ্ষোল্লাস ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডিমাছা দৈব্ৰাং মুছাহাৰীয়ে এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া এক ঐতিহাসিক দিন বুলি কয় ।
কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ বিধেয়ক অসম বিধানসভাত গৃহীত হোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ-প্ৰৱক্তা আৰু ছাত্ৰ -ছাত্ৰীসকলে । বিধেয়কখনলৈ সমৰ্থন জনোৱা সকলো বিধায়কলৈ ধন্যবাদ জ্ঞাপন কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ-প্ৰৱক্তা আৰু ছাত্ৰ -ছাত্ৰী সকলে ।