গোলাঘাট, 11 ফেব্ৰুৱাৰী:গৃহমন্ত্ৰীঅমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন লোকসভা নিৰ্বাচনৰ পূৰ্বেই বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পাছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ।কৃষক নেতা গৰাকীয়ে কয়, " নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমৰ কাৰোবাৰ নাগৰিকত্ব কাঢ়ি লোৱা হ'ব নে নহয় সেইটো মূল কথা নহয়, মূল কথাটো হ’ল হিন্দু-মুছলমান দুয়োবিধ বাংলাদেশীয়েই অসমৰ বাবে ভয়াৱহ । পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি বাংলাদেশত বৰ্তমান হিন্দু লোকৰ সংখ্যা 1 কোটি 73 লাখ ৷ অসমলৈ পলাই আহিছে 20 লাখ আৰু নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে প্ৰায় 2 কোটি হিন্দু বঙালী লোক অসমলৈ অহাৰ বাট প্ৰশস্ত হ'ব ।"
শইকীয়াই পুনৰ কয়, "নাগৰিকত্ব সংশোধনী আইনত যদিও 2014 চনৰ 24 মাৰ্চৰ সময়সীমা বান্ধি দিয়া হৈছে; কিন্তু যি কোনো মূহুৰ্তত এই সময়সীমা সলনি কৰি দিব পৰা হ'ব । 24 মাৰ্চৰ সময়সীমা সলনি কৰাৰ লগে লগে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানত থকা হিন্দু সম্প্ৰদায়ৰ লোক যেতিয়া তেতিয়াই ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰিব । যাৰ ফলত লাখে লাখে বাংলাদেশী অসমত প্ৰৱেশ কৰি অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ সংকট কঢ়িয়াই অনাৰ লগতে ভূমি, চাকৰি, চাহ বাগিচাৰ কাম, বনোৱাৰ কাম আদিও অসমীয়াৰ পৰা কাঢ়ি নিব ।"