বৰপেটা/ গোলাঘাট, ২৮ মে': বৰপেটা আৰু গোলাঘাট জিলাত সংঘটিত হৈছে দুটাকৈ নৃশংস হত্য়াতাণ্ডৰ ঘটনা । বিগত এসপ্তাহত সংঘটিত এই হত্য়াকাণ্ডত জড়িত অভিযুক্ত আৰক্ষীৰ জালত পৰাৰ পিচতেই পোহৰলৈ আহিছে বহুতো কথা । বৰপেটা জিলাৰ গজিয়াত পথাৰৰ কাষৰ এটা পুখুৰীত মঙলবাৰে পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ ৷ পিচত মৃতদেহটো বৰপাল্লি গাঁৱৰ আজিম উদ্দিন বুলি চিনাক্ত কৰা হয় ৷ ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই আজিম উদ্দিনক অপহৰণ কৰি হত্যা কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ৷
আজিম উদ্দিনৰ পৰিয়ালৰ লোকে এই অপহৰণ আৰু হত্য়াকাণ্ডৰ সৈতে মিজানুৰ ৰহমান, ৰমিজ আলী, নুৰ ইছলাম আৰু তৈয়ব আলী জড়িত থকা বুলি অভিযোগ কৰিছে ৷ ইতিমধ্যে অপহৰণ আৰু হত্যাৰ অভিযোগত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতে মঙলবাৰে পুতি থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে ৷
আজিম উদ্দিনৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে যোৱা ২২ মে'ৰ নিশা একেখন গাঁৱৰে মিজানুৰ ৰহমান, ৰমিজ আলী, নুৰ ইছলাম আৰু তৈয়ব আলীয়ে অপহৰণ কৰিছিল কৃষকজনক ৷ বৰপাল্লী গাঁৱৰ নিজ ঘৰৰ পৰা আজিম উদ্দিনক অপহৰণ কৰি অপহৰণকাৰীয়ে গজিয়া গাঁৱৰ এখন খেতি পথাৰৰ এটা পুখুৰীত হত্যা কৰি মৃতদেহটো পুতি থয় ৷ ইয়াৰ পিচতেই অপহৃত লোকজনৰ পৰিয়ালৰ লোকে বৰপেটা সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ঘটনাটোৰ অনুসন্ধান আৰম্ভ কৰে ৷
মঙলবাৰে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গজিয়াৰ এখন পথাৰৰ কাষৰ পুখুৰীত পুতি থোৱা অৱস্থাত আজিম উদ্দিনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ মাটি-বাৰী সংক্ৰান্তীয় বিবাদৰ বাবেই ৫৭ বছৰীয়া কৃষকজনক ঘৰৰ পৰা অপহৰণ কৰি এইদৰে হত্যা কৰি পুতি থোৱাৰ ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷