অসম

assam

ETV Bharat / state

বিধায়কৰ বিৰুদ্ধে ক্ষোভ : পথ নিৰ্মাণৰ কামত লাগিল ৰাইজ - Pathetic Road Condition - PATHETIC ROAD CONDITION

Pathetic Road Condition: বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ ঠিকাদাৰ আৰু বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি খোৱাঙত ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰিলে লোক নিৰ্মাণ বিভাগৰ পথ ৷ ঠিকাদাৰৰ নিন্মমানৰ কামৰ বাবেই পকীকৰণৰ তিনিমাহৰ পিচতে পথটো জৰাৰ্জীণ ৰূপ লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Pathetic Road Condition
পথ নিৰ্মাণৰ কামত লাগিল ৰাইজ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 1:24 PM IST

ডিব্ৰুগড়, ১৮ জুন: পৰিৱৰ্তনৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনিটা বছৰ অতিক্ৰম কৰিবৰ হ'ল । কিন্তু ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত উন্নয়ন বিচাৰি হাবাথুৰি খাইছে ৰাইজে । উন্নয়নৰ জয় ঢোল কোবোৱা চৰকাৰখনৰ দিনত খোৱাং সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ পথৰ প্ৰকৃত ছবি দেখিলে চকু কঁপালত উঠিব সকলোৰে ।

পথ নিৰ্মাণৰ কামত লাগিল ৰাইজ (ETV BHARAT ASSAM)

লোক নিৰ্মাণ বিভাগৰ অধীনস্থ পথসমূহৰ জৰাজীৰ্ণ অৱস্থাই সমস্যাত পেলাইছে ৰাইজক । পথৰ দুৰৱস্থা দেখি বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰাইজৰ ।

লগতে পঢ়ক:চৰকাৰে ঢোল কোবোৱা সোণাৰিৰ উন্নয়নৰ ছবিখন কিছু সুকীয়া

খোৱাং সমষ্টিৰ অন্তৰ্গত শেনচোৱা পুখুৰীৰ এটা অতি ব্যস্ততাপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ পথত ডাম্পাৰ, এক্সেভেটৰ বাহিৰে আন গাড়ীৰ চকাই নুঘূৰে পথত । শেনচোৱা পুখুৰী আৰু শিলপুটা সংযোগী পথটোৰ দুৰৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । শেনচোৱা-নাহৰণি পথ হিচাপে জনাজাত পথটো এতিয়া পথ আৰু পথাৰ একাকাৰ হৈ পৰিছে ।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক শতাধিক লোক আহ-যাহ কৰা পথটো কেইবছৰ মানৰ আগতে পকীকৰণ কৰা হৈছিল । ঠিকাদাৰে নিন্মমানৰ কাম কৰাৰ বাবে পকীকৰণৰ তিনিমাহৰ পিচতে এৰাই গ'ল ব্লেক টেপিং । পথটো যি ভাগিলে আৰু ভাগিলে । পিচত উভতি নাচালে ঠিকাদাৰে ।

এতিয়া পথটোৰ অৱস্থা ইমানেই তথৈবচ খোজকাঢ়িও যাব নোৱাৰি । স্থানীয় বিধায়কক ৰাইজে বহুবাৰ আহ্বান জনালে, কিন্তু কাম নিদিল । শেষত ৰাইজে আজি ঠিকাদাৰ আৰু বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি নিজে শ্ৰমদানেৰে পথটো মেৰামতি কৰিবলৈ ওলাই আহিছে ।

লগতে পঢ়ক:সোণাৰিত গাঁঠিৰ ধনেৰে ৰাইজে নিৰ্মাণ কৰিলে পথ

বস্তাত মাটি-বালি ভৰাই পথত দি হ'লেও যাতায়তৰ সুচল কৰিবলৈ চেষ্টা কৰিছে ৰাইজে । উন্নয়নৰ কথা কৈ ৰঙীন বিজ্ঞাপন দি থকা চৰকাৰৰ দিনৰ লোক নিৰ্মাণ বিভাগৰ অধীনস্থ পথটো ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিব লগা হোৱা বিষয়টোৱে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।

ABOUT THE AUTHOR

...view details