গুৱাহাটী :এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত আজিৰ কেবিনেটে অনুমোদন জনায় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ:
১. চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত আজিৰ কেবিনেটে অনুমোদন জনায় । কেবিনেটে ৪৫ হাজাৰ কোটি টকাৰ কেইবাখনো বুজাবুজিৰ চুক্তি খাৰিজ কৰে । আনহাতে জিলা ভিত্তিত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকা পৰ্যন্ত এতিয়ালৈকে ১৫,৯১১ কোটি টকাৰ ২৫৯০ খন বুজাবুজিৰ চুক্তি আহিছে ।
২. গঠন হোৱা ষষ্ঠ অসম বিত্ত আয়োগ ২০২৬ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে ।
৩. ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নেচনেল হাউচিং বেংকৰ পৰা ৫৫ কোটি টকা ঋণ লোৱাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।
৪. ডিব্ৰুগড়ৰ আমোলাপট্টীৰ উৰণ সেতুৰ বাবে কেবিনেটে ১৫৭ কোটি টকাৰ আনুমোদন জনায় ।
৫. বায় টেকন'লজী পলিচীৰ সংশোধনত কেবিনেটৰ অনুমোদন জনায় ।