অসম

assam

ETV Bharat / state

ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

Jorhat Puja Pandal: যোৰহাটত বিশেষ বিষয়বস্তুৰে পূজা মণ্ডপ নিৰ্মাণ । ঐতিহাসিক ৰাধাকৃষ্ণ মন্দিৰত একতাৰ অন্যতম নিদৰ্শন ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Jorhat Puja Pandal
ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ (ETV Bharat)

যোৰহাট,১০ অক্টোবৰ :ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দুৰ্গা পূজাক লৈ ব্যাপক উছাহ দেখা গৈছে । ব্যতিক্ৰমী পূজা মণ্ডপৰ জৰিয়তে ভক্তক আকৰ্ষণৰ চেষ্টা চলাইছে পূজা কমিটীসমূহে । তাৰ মাজতে যোৰহাটৰ এখন পূজাত বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে । মানৱ সমাজক বিভিন্ন ক্ষেত্ৰত সজাগতাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে পূজা কমিটীয়ে । বিষয়বস্তু হিচাপে লোৱা হৈছে 'পৰিৱেশ সংৰক্ষণ' আৰু 'পথ সুৰক্ষা' ।

ৰাইজলৈ বিশেষ আহ্বান যোৰহাটৰ বিধায়কৰ

ইফালে দুৰ্গা পূজাৰ বিশেষ কাৰ্যসূচীত উপস্থিত থাকি ৰাইজক আধ্যাত্মিক হ'বলৈ আহ্বান জনালে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়,"আমি সকলোৱে শান্তি সম্প্ৰীতি অটুট ৰাখি যদি কাম কৰি যাও প্ৰকৃততে দুৰ্গা দেৱীক পূজা কৰা হ'ব । আধ্যাত্মিক চিন্তাৰ এটা ভঁৰাল আমাৰ হিন্দু ধৰ্ম । সেই আধ্যাত্মিক চিন্তাক যদি বুকুত সাৱটি লৈ আমি কামবিলাক কৰো নিশ্চয় শুদ্ধ কামে হ'ব, কেতিয়াও বেয়া কাম নহয় । মই ৰাইজক সেইটোৱে কম যে দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰক আৰু অধিক আধ্যাত্মিক হ'বলৈ চেষ্টা কৰক ।"

ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ (ETV Bharat)

পৰিৱেশ সংৰক্ষণৰ বাৰ্তা

'গছ থাকিলেহে মানুহ থাকিব'। মানৱ জাতিক এই বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ পূজাথলীত কিছুমান আৰ্হি প্ৰদৰ্শন কৰা হৈছে । য'ত বিভিন্ন পোষ্টাৰ লগোৱা আছে । প্ৰতিখন পোষ্টাৰতে পৰিৱেশ সংৰক্ষণ, গছ কটা বন্ধ কৰা আদি বাৰ্তা দিয়া হৈছে । একেদৰে পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰতো অনুৰূপ প্ৰদৰ্শনৰ চেষ্টা কৰিছে পূজা কমিটীয়ে । বিভিন্ন পোষ্টাৰৰ জৰিয়তে ৰাইজক যান-বাহন আইন পালন কৰাৰ আহ্বান জনোৱা হৈছে । বিশেষকৈ সুৰাপান কৰি যান-বাহন চলালে কি পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বা কেনেদৰে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, প্ৰতিমূৰ্তিৰ জৰিয়তে তাক উপস্থাপন কৰা হৈছে ।

উল্লেখ্য যে জিলাখনৰ বাকী পূজা মণ্ডপসমূহৰ দৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সন্মুখৰ পূজাথলীতো একেই আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । প্ৰতিকূল বতৰক নেওচি পুৱাৰে পৰা পূজা মণ্ডপত শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইফালে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে টীয়কবাসীয়ে । নগৰৰ মাজমজিয়াৰ ঐতিহাসিক ৰাধাকৃষ্ণ মন্দিৰত হিন্দু, মুছলমানকে সকলো ধৰ্মৰ লোকে একত্ৰিতভাৱে পূজাৰ আয়োজন কৰিছে ।

লগতে পঢ়ক :পথ সুৰক্ষাৰ বিষয়বস্তুৰে নিৰ্মাণ এটা বিশেষ পূজা মণ্ডপ; ক’ত দেখা পাব এই পূজা মণ্ডপ ?

ABOUT THE AUTHOR

...view details