যোৰহাট : আশা-প্ৰত্যাশাৰ অন্তত এটা বছৰক বিদায় দি নতুন এটা বর্ষক আদৰিবলৈ সাজু হৈছে সকলো । বহুতে বহুত পালে, কোনোৱে সৰ্বস্ৰ হেৰুৱালে । তাৰ মাজতে নতুনক আদৰিবলৈ সাজু হৈছে সকলো, কাৰণ এয়া প্ৰকৃতি । লগতে ২০২৪ ত হৈ যোৱা সকলো পাহৰি নতুন বৰ্ষটোত বহু আশা-প্ৰত্যাশা বুকুত বান্ধি আগুৱাই যোৱাৰ পণ বান্ধিছে সকলোৱে । তাৰ মাজতে ২০২৪ বৰ্ষটোত সাংস্কৃতিক ৰাজধানীখ্যাত যোৰহাটে কি কি পালে তাৰেই আভাস দিবলৈ চেষ্টা কৰা হৈছে ।
সাহিত্যত যোৰহাট:
২০২৪ বৰ্ষটো যোৰহাটৰ বাবে এটি উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছে । ২০২৪ বৰ্ষটোত যোৰহাট জিলাই সুদীৰ্ঘ ৩৭ বছৰৰ পাছত অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক পালে । ড৹ বসন্ত কুমাৰ গোস্বামী সাহিত্য সভাৰ সভাপতি আৰু দেৱজিৎ বৰা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হ’ল । দুয়োগৰাকীয়েই যোৰহাটৰ ৷
ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে:
২০২৪ বৰ্ষটোত লোকসভাত বিৰোধী দলৰ এজন উপ-দলপতি পালে যোৰহাট জিলাই । কংগ্ৰেছ দলৰ তথা যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ বিৰোধী উপ-দলপতি হিচাপে নিযুক্ত হ’ল ।
অসম লোকসেৱা আয়োগৰ ফলাফলতো যোৰহাটৰ বহু কেইজনে উত্তীৰ্ণ হৈ যোৰহাট জিলালৈ সন্মান বুটলি আনিবলৈ সক্ষম হ’ল ।