মৰাণ, ৫ অক্টোবৰ : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ প্ৰতিজন অসমীয়া আনন্দিত হৈছে । তেনে সময়ত শুকুৰবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাক লৈ মন্তব্য কৰে । জুবিন গাৰ্গৰ এই মন্তব্যক লৈ ৰাজ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা জুবিন গাৰ্গৰ বিৰুদ্ধে একাংশ বিজেপি নেতা-কৰ্মীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে যদিও কিছু কিছুৱে জুবিন গাৰ্গক সমৰ্থন আগবঢ়াইছে । ইয়াৰ মাজতেই জুবিন গাৰ্গৰ মন্তব্যক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে কয়," জুবিন গাৰ্গৰ সেয়া ব্যক্তিগত মন্তব্য । অসমীয়া ভাষাই বহু আগতেই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিব লাগিছিল যদিও নকৰাত জুবিন গাৰ্গৰ খং উঠাত এনেদৰে কৈছে ।"
কি কৈছিল জুবিন গাৰ্গে :
“ভাৰত চৰকাৰে অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ কোন ? “ মই ইমানবোৰ অসমীয়া গান গালো, অসমীয়াতেই গালো, মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি ? ভাৰতৰ এটাই ধ্ৰুপদী ভাষা সেইটো হ’ল সংস্কৃত আৰু ভাৰতৰ বাকী সকলো ভাষাৰ উৎপত্তিৰ মূল পালি আৰু প্ৰাকৃত ভাষা । অসমে বহুত দিছে ভাৰত চৰকাৰক । অসমে ভাৰতক গঁড় দিছে, তেল দিছে আৰু জুবিন গাৰ্গ দিছে । ভাৰত চৰকাৰ বুলি মই খাতিৰ নকৰো । কিহৰ স্বীকৃতি দিলে ? What is Indian Classical Language ? মই অসমীয়াই কৈ আছো। ইয়াত আকৌ নতুনকৈ স্বীকৃতি দিবলৈ কি আছে ।" জুবিনে লগতে কয়, "প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ভালকৈ ক'ব নাজানে । "