গুৱাহাটী:অপেক্ষাৰ অন্ত পেলাই 'ঝুমইৰ বিনন্দিনী'ত ঝুমুৰ নৃত্যৰ তালত সোমবাৰে সৰুসজাইত গুঞ্জৰিত হৈ উঠে মাদল, ধমচা, বাঁহী, তালৰ সুৰধ্বনি ৷ অসমৰ চাহ বাগিচা-আদিবাসী সমাজৰ সংস্কৃতিৰ পয়োভৰেৰে বৰ্ণিল ৰূপ লয় সৰুসজাই ষ্টেডিয়ামে । ৮ সহস্ৰাধিক নৃত্যশিল্পীয়ে বৰ্ণময় কৰি তোলে 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠান ।
প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ উপস্থিতিত বহুকেইগৰাকী ৰাষ্ট্রদূত তথা প্রসিদ্ধ ব্যক্তিসকল প্রত্যক্ষদর্শী হয় চাহ জনগোষ্ঠীয় সংস্কৃতিৰ প্রাণ স্পন্দনৰ ।
অৱশ্যে সন্ধিয়া ৫.৩০ বজাত সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰম্ভ হোৱাৰ কথা আছিল যদিও নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ সন্ধিয়া প্ৰায় ৬.২০ বজাত বৰঝাৰত অৱতৰণ কৰে প্রধানমন্ত্রী মোদী । তাৰ পৰা তেওঁ পোনে পোনে সৰুসজাই ষ্টেডিয়ামলৈ আহে । প্রধানমন্ত্রী মোদীক সন্ধিয়া ৭ বজাত এখন বিশেষভাৱে সজ্জিত বাহনেৰে সৰুসজাই ষ্টেডিয়াম প্ৰদক্ষিণ কৰোৱা হয় । তেওঁৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে ।
প্ৰধানমন্ত্ৰীয়ে ঝুমুৰ শিল্পীসকলৰে মত বিনিময় কৰাৰ লগতে দৰ্শকক অভিবাদন জনায় । তাৰ পাছতে মুখ্যমন্ত্ৰীৰ চমু ভাষণ আৰু প্ৰধানমন্ত্রীয়ে ৰাইজক সম্বোধন কৰে । অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ঝুমুৰ নৃত্যই নিজে এক ৰেকৰ্ড সৃষ্টি কৰিব ।
তেওঁ কয়, "আমাৰ চৰকাৰে অসমৰ উন্নয়নত যথেষ্ট গুৰুত্ব দিছে । মই নিজে উত্তৰ-পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেছেডৰ হৈ পৰিছোঁ ।"
তেওঁ অসমৰ অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া, লাচিত বৰফুকনক প্ৰকৃত মৰ্যাদা দিয়া, কাজিৰঙাক বিশ্বত দাঙি ধৰা, চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি সদৰী কৰে ।
অংশগ্ৰহণকাৰী শিল্পী (X@HimantaBiswaSarma) তেওঁ লগতে প্ৰকাশ কৰে যে চৰকাৰে আদিবাসীসকলৰ যাদুঘৰ নিৰ্মাণ কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত অসম চৰকাৰে চাহ শ্ৰমিকৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে কাম কৰাৰ কথা উল্লেখ কৰে ।
আনহাতে, অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, "তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিত চাহ জনগোষ্ঠীৰ ৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । চাহ শ্ৰমিকক লাইনৰ মাটিৰ অধিকাৰ দিয়া হ'ব ।"
চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ধনুক নমন প্ৰধানমন্ত্ৰীৰ (X@HimantaBiswaSarma) লগতে তেওঁ কয় যে সুন্দৰভাৱে ঝুমুৰ নৃত্য পৰিবেশন কৰা প্ৰতিগৰাকী অংশগ্রহণকাৰীক এটা উপহাৰ দিব । অধ্যয়নত সহায়ক হোৱাকৈ প্ৰতিগৰাকী অংশগ্রহণকাৰীৰ বেংক একাউণ্টত ২৫ হেজাৰ টকাকৈ দিয়া হ'ব । ঝুমুৰ নৃত্যৰ বাবে অহা ৮০০ খন চাহ বাগিচাৰ প্রতিখনতে সাংস্কৃতিক সংঘ স্থাপন কৰিবলৈ ২৫ হেজাৰকৈ টকা দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে ।
সৰুসজাইত অভিবাদন গ্ৰহণ প্ৰধানমন্ত্ৰীৰ (X@HimantaBiswaSarma) তাৰ পিছতে 'ঝুমইৰ বিনন্দিনী'ৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰীয়ে দবা কোবাই নিশা প্ৰায় ৭.৫০ বজাত ঝুমুৰ নৃত্যানুষ্ঠানৰ আৰম্ভণি কৰে । ঝুমুৰ নৃত্যৰ পাছত এটা লেজাৰ শ্ব' পৰিৱেশন কৰা হয় । দেশ-বিদেশৰ চাৰে তিনিশ নিমন্ত্রিত অতিথিয়ে এই অনুষ্ঠান উপভোগ কৰে ।
নৃত্যানুষ্ঠানৰ এক দৃশ্য (X@HimantaBiswaSarma) উল্লেখ্য যে ‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠান ৰাজ্যৰ আঠশ চাহ বাগিচাত বিশাল এল ই ডি স্ক্ৰীনত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয় । ‘ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ পাছত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খানাপাৰাৰ ‘এডভাণ্টেজ আছাম ২.০' অনুষ্ঠানলৈ ৰাওনা হয় আৰু সন্মিলনৰ প্ৰদৰ্শনী মুকলি কৰে ।
অংশগ্ৰহণকাৰী নৃত্যশিল্পী (X@HimantaBiswaSarma) অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, অসমৰ ৰাজ্যপাল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আদি উপস্থিত থাকে ।