শিলচৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ পাছত এইবাৰ চিকিৎসাৰ ক্ষেত্ৰত বাংলাদেশী নাগৰিকক বৰ্জন কৰাৰ দাবী উত্থাপিত হৈছে ৷ ইয়াৰ বাবে শিলচৰসহ ৰাজ্যৰ সকলো বেচৰকাৰী হাস্পতালৰ চিকিৎসক সমাজক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে শিলচৰৰ এটা সেচ্ছাসেৱী সন্থাই ৷ বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন অব্যাহত থকাত ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে শিলচৰৰ জয় ৰাধে সেৱা সমিতি নামৰ সন্থাটো ।
জয় ৰাধে সেৱা সমিতিয়ে এক সংবাদমেলত ৰাজ্যৰ ব্যক্তিগত হাস্পতাল কৰ্তৃপক্ষক বাংলাদেশী নাগৰিকক বৰ্জন কৰাৰ আহ্বান জনাইছে ৷ সন্থাটোৰ কৰ্মকৰ্তা সকলে কয়, "বাংলাদেশত যেনেদৰে সংখ্যালঘু নিৰ্যাতন অব্যাহত আছে, এয়া অমানৱীয় ৷ দেশখনত সংখ্যালঘু নিৰ্যাতন চৰম পৰ্যায়ত উপনীত হৈছে ৷ লগতে দেশখনৰ তথাকথিত বুদ্ধিজীৱী, আন্দোলনকাৰী, ছাত্ৰসমাজৰ ভাৰত বিৰোধী চিন্তা-চৰ্চা ক্ৰমাত বৃদ্ধি পাইছে ৷ "
তেওঁলোকে পুনৰ কয়, "অন্তৱৰ্তীকালীন চৰকাৰেও কূটনৈতিকভাৱে ভাৰত বিৰোধী অৱস্থান গ্ৰহণ কৰিছে ৷ আনকি দেশখনৰ বিভিন্ন ঠাইত ৰাজপথত ভাৰতৰ জাতীয় পতাকাক অপমান কৰা কাৰ্য অব্যাহত আছে ৷ এই অৱস্থাত আগৰতলা, শ্ৰীভূমি আৰু শিলচৰত হোটেল, ৰেষ্টুৰেণ্টত বাংলাদেশী নাগৰিকক বৰ্জন কৰা হৈছে তেনেদৰে চিকিৎসাৰ ক্ষেত্ৰতো বাংলাদেশীক বৰ্জন কৰিব লাগে ৷"