বাইহাটা, ৯ ছেপ্টেম্বৰ:কংগ্ৰেছক অচল দুটকীয়া নোট আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । বাইহাটাৰ হেলেছা গাঁৱৰ গোপাল ও শিৱ মন্দিৰ প্ৰাংগনত দেওবাৰে অনুষ্ঠিত সদস্যতা অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয়, "কংগ্ৰেছ এতিয়া নচলে ৷ এতিয়া বিজেপিহে আছে ৷ কংগ্ৰেছ দুটকীয়া অচল নোট, ফুটা টিউব-টায়াৰ, মিছা কথাৰ ভাণ্ডাৰ, দুৰ্নীতিৰ মুখ্য পৃষ্ঠপোষক ৰাকেশ পাল কংগ্ৰেছৰ তোলনীয়া সন্তান ৷ সেইবিলাক জনতাই পাহৰা নাই ৷ তেওঁলোকে মিছা কথা কৈ থাকে, মিছা কথা কোৱা বাদ দিয়ক ৷ তেওঁলোকে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে ৷"
উল্লেখ্য যে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি দলৰ আন আন নেতা-কৰ্মীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সদস্যতা অভিযান তীব্ৰতৰ কৰি তুলিছে । গাঁৱে গাঁৱে গৈ সদস্যতা অভিযানত অংশ লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে । সেই অনুসৰি দেওবাৰে হেলেছা গাঁৱৰ গোপাল ও শিৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সদস্যতা অভিযানত অংশ লয় কলিতাই ৷ এই অনুষ্ঠানত প্ৰায় দুই শতাধিক লোকে বিজেপিৰ সদস্য পদ লয় ।