অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

মাজুলীৰ দলং নিৰ্মাণৰ কাম বন্ধ হোৱাটো দুৰ্ভাগ্যজনক : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী - Jorhat Majuli Bridge Construction

Pitambar Deva Goswami on Majuli Bridge : ৯২৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য ২০২১ চনৰ ২৯ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিছিল । ইতিমধ্যে ৩০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ হোৱা দলংখনৰ নিৰ্মাণকাৰ্য যোৱা ৫ ছেপ্টেম্বৰৰ পৰা হঠাতে বন্ধ হৈ পৰে । মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে ।

Pitambar Deva Goswami on Majuli Bridge
মাজুলীৰ দলং নিৰ্মাণৰ কাম বন্ধ হোৱা সন্দৰ্ভত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মাজুলী, ২৫ ছেপ্টেম্বৰ :মাজুলীৰ দুই লাখ জনসাধাৰণৰ সপোন হৈছে যোৰহাট-মাজুলী সংযোগী দলং । মাজুলীবাসীৰ সপোনৰ এই দলংখনৰ বাবে জনসাধাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি কৰিছিল । তাৰেই ফলশ্ৰুতিত মাজুলীবাসীৰ সপোনক বাস্তৱায়িত কৰিবলৈ ২০২১ চনৰ ২৯ নৱেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট-মাজুলী সংযোগী দলঙৰ খুঁটাৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছিল ।

৯২৫ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলীবাসীৰ এই সপোনৰ দলংখনৰ ঠিকা লাভ কৰিছিল ইউ পি ষ্টেট ব্ৰীজ কৰ্প'ৰেচনে । আনহাতে, ইউ পি ষ্টেট ব্ৰীজ ক'ৰ্পৰেচনৰ পৰা উপ-ঠিকা লৈ বি আৰ চি কোম্পানীয়ে দলংখনৰ কাম কৰিছিল । ইতিমধ্যে দলংখনৰ ৩০ শতাংশ কাম শেষ হৈছে ।

মাজুলীৰ দলং নিৰ্মাণৰ কাম বন্ধ হোৱা সন্দৰ্ভত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কিন্তু এই দুই কোম্পানীৰ আভ্যন্তৰীণ সংঘাতৰ বাবে যোৱা ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে দলং নিৰ্মাণৰ কাম । আনহাতে, দলং নিৰ্মাণস্থলীৰ পৰা লৈ যোৱা হৈছে দলং নিৰ্মাণৰ বাবে অনা বিভিন্ন যন্ত্ৰপাতি । তাকে লৈ উদ্বিগ্ন মাজুলীবাসী । লগতে এই বিষয়টো সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইয়াৰ মাজতে দলংখনৰ নিৰ্মাণকাৰ্য বন্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীয়ে কয়, "মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম বন্ধ হৈ থকাটো দুৰ্ভাগ্যজনক । চৰকাৰৰ পৃষ্ঠপোষকতাত আগবাঢ়ি যোৱা দলং নিৰ্মাণৰ কাম কিয় হঠাতে বন্ধ হৈ গ'ল এয়া এক ৰহস্যৰ বিষয় । এই ৰহস্য উদ্ঘাটন হ'ব লাগে । কোনো কাৰণতে এই দলঙৰ কাম যাতে বন্ধ নহয় তাৰ ব্যৱস্থা কৰিব লাগে ।"

তেওঁ লগতে কয়, "দলংখন নিৰ্মাণৰ আঁচনিখন যদিও কেন্দ্ৰীয় চৰকাৰৰ, ইয়াত ৰাজ্য চৰকাৰৰো মুখ্য ভূমিকা আছে । বৰ্তমানৰ কৰ্মঠ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত গুৰুত্ব দিব বুলি আশা কৰিলো । ইয়াৰ সামগ্ৰীসমূহ যাতে অন্য স্থানলৈ লৈ নাযায় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছো । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ত কি হৈছে অনুসন্ধান কৰি দলংখনৰ কাম সোনকালে আৰম্ভ কৰক ।"

লগতে পঢ়ক :অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ; আজি দিছপুৰত আছু নেতৃত্বৰে মুখ্যমন্ত্রীৰ বৈঠক - ASSAM ACCORDS CLAUSE 6
লগতে পঢ়ক :লখিমপুৰ পৌৰসভাৰ কঠোৰ নিৰ্দেশ, সকলো নামফলক হ'ব লাগিব অসমীয়াত - Assamese Signboard in Lakhimpur

ABOUT THE AUTHOR

...view details