অসম

assam

ETV Bharat / state

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ 'ক্ৰিপিডিয়া' গোত্ৰৰ কপৌফুললৈ আন্তৰ্জাতিক স্বীকৃতি

New Orchid in Assam: অসমত এবিধ নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰৰ কথা পোহৰলৈ আহিছে । এই আৱিস্কাৰৰ আঁৰত আছে দুগৰাকী অসমীয়া গৱেষক ।

New Orchid in Assam
বিশ্বৰ অৰ্কিড ক্ষেত্ৰত নৱ্য় সংযোজন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

তিনিচুকীয়া:বৈচিত্ৰৰ অন্যতম উপাদান কপৌফুল অৰ্থাৎ 'অৰ্কিড'ক লৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী মহলৰ মাজত পৰীক্ষা-নিৰীক্ষা অব্যাহত থকাৰ সময়তে বিশ্বৰ অৰ্কিড’ৰ ক্ষেত্ৰখনত এক নৱ্য় সংযোজনৰ কথা পোহৰলৈ আহিছে । অৰ্কিড’ৰ পৃথিৱীত এক নতুন প্ৰজাতিৰ আৱিষ্কাৰে এতিয়া আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে প্ৰকৃতিপ্ৰেমীৰ মাজত । অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অতি শেষতীয়াকৈ 'ক্ৰিপিডিয়া আচামিকা' নামেৰে এবিধ নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ হোৱাৰ কথা পোহৰলৈ আহিছে ।

'কপৌ মানৱ'ৰ চমক

আন্তঃৰাষ্ট্ৰীয় স্তৰৰ কপৌফুলৰ বিশেষজ্ঞ অৰ্থাৎ গৱেষক তথা উত্তৰ-পূৰ্বাঞ্চলৰ 'কপৌ মানৱ' হিচাপে জনাজাত তথা অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ বঁটা প্ৰাপক তথা TOSEHIM হাৰবেৰিয়ামৰ কিউৰেটৰ ক্ষণজিৎ গগৈ আৰু উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা অৰ্কিড ছ’চাইটী অব ইষ্টাৰ্চন হিমালয়াৰ সম্পাদক ড৹ জিন্টু শৰ্মাৰ দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত অৱশেষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ 'ফেডেৰ্চ ৰিপৰ্টিয়াম' নমাৰ এখন পত্ৰিকাই স্বীকৃতি প্ৰদান কৰিছে অসমৰ এই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ 'ক্ৰিপিডিয়া' গোত্ৰৰ কপৌফুলবিধক ।

এই 'ক্ৰিপিডিয়া আচামিকা'ৰ অন্যতম আৱিষ্কাৰক ক্ষণজিৎ গগৈয়ে এইবিষয়ে উল্লেখ কৰি কয়, "ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এক বিশেষ ঘাঁহনি এলেকাত বিগত প্ৰায় ২০০৮/২০০৯ চনত এক বিশেষ প্ৰজাতিৰ অৰ্কিড তথা কপৌফুল প্ৰথমে দেখা গৈছিল । ২০১১ চনৰ পৰা উক্ত কপৌফুল বিধৰ ওপৰত অহৰহ চলা অধ্যয়ন তথা পৰীক্ষা-নিৰীক্ষাৰ অন্তত বিগত বৰ্ষত 'ক্ৰিপিডিয়া আচামিকা'নামেৰে নামকৰণ কৰি স্বীকৃতিৰ বাবে উদ্ভিদ বিজ্ঞানৰ স’তে জড়িত ইন্টাৰনেচনেল ৰেপুটেদ জাৰ্নেল ফেডেচ ৰিপোৰ্টিয়ামলৈ প্ৰেৰণ কৰা হৈছিল ৷ সেইদিন ধৰি এবছৰৰ অন্তত চলিত বৰ্ষৰ অক্টোবৰত এই ক্ৰিপিডিয়া আচামিকাক ফেডেচ ৰিপোৰ্টিয়ামে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে ।"

বিশ্বৰ অৰ্কিড ক্ষেত্ৰত নৱ্য় সংযোজন (ETV Bharat Assam)

ক্ষণজিৎ গগৈয়ে পুনৰ কয়, "ক্ৰিপিডিয়াম আচামিকা ফুলপাহৰ বৈশিষ্ট্য অন্য ক্ৰিপিডিয়াম গণৰ ফুলতকৈ পৃথক ৷ এই ক্ৰিপিডিয়া আচামিকা কপৌফুল ঘন অৰণ্যৰ সলনি ঘাঁহনি এলেকাতহে পোৱাৰ লগতে অতি বেছি ৰ’দৰ প্ৰয়োজন । ফুলপাহ সাধাৰনতে জুলাই-আগষ্টত ফুলে ৷ অতি কম পৰিমানৰ সুগন্ধিযুক্ত এই ক্ৰিপিডিয়া আচামিকা ফুলপাহৰ আৱৰণ অন্য প্ৰজাতিৰ কপৌফুল তুলনাত যথেষ্ট ডাঙৰ । কাৰ্বিআংলং জিলাৰ বিভিন্ন অৰণ্যত দেখিবলৈ পোৱা ক্ৰিপিডিয়াম পাৰ্পুৰিয়াম নামৰ অৰ্কিড বিধৰ সৈতে এই ক্ৰিপিডিয়া আচামিকাৰ কিছু পৰিমাণে মিল আছে ।"

৭৫০ বিধ কপৌ ফুল জাতীয় অৰ্কিডৰ সংৰক্ষণ

সম্প্ৰতি অসম আৰু অৰুণাচলত উপলব্ধ মুঠ ৪১৪ বিধ প্ৰজাতি কপৌফুল ভিতৰত ক্ৰিপিডিয়া আচামিকাও বিশ্বৰ কপৌফুলৰ জগতত নৱতম সংযোগ ঘটাৰ খবৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নিশ্চয়কৈ এক শুভ সংবাদ হিচাপ বিবেচিত হৈছে । উল্লেখ্য় যে ৭৫০ বিধ কপৌ ফুল জাতীয় অৰ্কিডৰ সংৰক্ষণ কৰি ইয়াৰ পূৰ্বে জিলিকি উঠিছিল তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাৰিয়াভেটি গাঁৱৰ ক্ষণজিৎ গগৈ নামৰ ৪৪ বছৰীয়া লোকজনৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো ৷ একক প্ৰচেষ্টাত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ৰ পৰাই অৰ্থাৎ ১৯৯৪ চনৰ পৰাই অৰ্কিডৰ প্ৰতি আকৰ্ষিত হৈ সংৰক্ষণ কৰিছিল ক্ষণজিৎ গগৈয়ে ৷ তেওঁৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো অসমৰ প্ৰথমখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ আৰু ৭৫০ বিধ কপৌ ফুল জাতীয় অৰ্কিড সংৰক্ষণ কৰি ৰখা একমাত্ৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰ ৷

ক্ষণজিৎ গগৈৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো চাবলৈ দেশ-বিদেশৰ অৰ্কিডৰ ওপৰত অধ্যয়ন কৰা লোকৰ আগমন ঘটনাৰ সমান্তৰালভাৱে গৱেষণা কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়,গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী আহিয়েই থাকে ৷ এক কথাত ক’বলৈ গ’লে ক্ষণজিৎ গগৈৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো এক অধ্যয়ন কেন্দ্ৰ তথা গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ লগতে পৰ্যটকৰো যথেষ্ট আগমন ঘটে ৷

অসমত ৪১০ বিধ অৰ্কিড উপলব্ধ

আনহাতে, ক্ষণজিৎ গগৈয়ে অসমত প্ৰথমখন অৰ্কিডৰ ওপৰত গ্ৰন্থ লিখি উলিওৱাৰ লগতে এই পৰ্যন্ত সাতখনকৈ গ্ৰন্থ অৰ্কিডৰ ওপৰত লিখিছে ৷ তেওঁ উল্লেখ কৰা অনুসৰি কপৌ জাতীয় মুঠ ৩৫ হাজাৰ বিধ অৰ্কিড আছে ৷ তাৰে ভিতৰত ভাৰতবৰ্ষত ১,৪৩০ বিধ, উত্তৰ-পূৰ্বাঞ্চলত ৯০০ বিধ আৰু অসমত ৪১০ বিধ উপলব্ধ ৷

লগতে পঢ়ক:কপৌ-কেতেকীৰ গোন্ধে আমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী - Bohag Bihu

State flower of Assam: 130 বিধ কপৌফুল সংৰক্ষণ কৰি চৰ্চালৈ আহিছে ধেমাজিৰ টংকেশ্বৰ দলৈ

ABOUT THE AUTHOR

...view details