তেজপুৰ: মণিপুৰত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ বিষয়ে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই কয়, "মণিপুৰৰ সংঘাত বৰ্তমানেও চলি আছে কাৰণ কিছুমান বিশেষ সমস্যা আছে । কিছুমান সমস্যাই ইতিহাস আৰু ভৌগোলিক দিশত বিশেষ ক্ষতি কৰিছে কাৰণ মণিপুৰত তিনিটা জনগোষ্ঠীৰ মাজত শান্তিপূৰ্ণ সহাৱস্থান কৰাটো সম্ভৱ হৈ উঠা নাই আৰু সংঘাতৰ সেইটো এটা প্ৰধান কাৰণ ।
ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অৱসৰপ্ৰাপ্ত সেনা বিষয়া কলিতাই কয়, "ৰাজ্যখনৰ শান্তিপূৰ্ণ পৰিবেশ পুনৰ ঘূৰাই আনিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰি আছে, গতিকে সোনকালেই এটা ভাল পৰিবেশ ঘূৰি আহিব বুলি আশাবাদী ।"
কলিতাই লগতে কয়, "বিগত ডেৰ বছৰ ধৰি অশান্তি পৰিবেশে বিৰাজ কৰিছে মণিপুৰত । চুবুৰীয়া দেশ ম্যানমাৰ আৰু বাংলাদেশৰ দুয়োখন দেশত ঘটি থকা ঘৰুৱা সমস্যাৰ বাবে আমাৰ দেশত প্ৰভাৱ পৰিছে । কাৰণ ম্যানমাৰ আৰু বাংলাদেশৰ উপকূল অঞ্চলৰ পৰা আমাৰ দেশলৈ সম্ভাব্য অনুপ্ৰৱেশৰ বাবে চিন্তাৰ বিষয় । দুয়োখন দেশত সংঘটিত হোৱা সামাজিক চাপৰ বাবে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ ইতিহাসত এনে ঘটনাৰ উদাহৰণ আছে আৰু ই আমাৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান ।"