অসম

assam

ETV Bharat / state

ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা: ৰাজ্যৰ কোনকেইখন চহৰ-নগৰে ৰচিলে অভিলেখ - Assam Weather report - ASSAM WEATHER REPORT

Assam weather report: উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য । অসমত ছেপ্টেম্বৰ মাহত এইধৰণৰ তাপমাত্ৰাই সকলোকে আচৰিত কৰি তুলিছে । যোৱা এটা দশকত অসমৰ কেইবাখনো চহৰ-নগৰত ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা লক্ষ্য কৰিলে আপুনি জানিব পাৰিব যে কেনেদৰে ই ৰাজ্যবাসীৰ বাবে এক অশনি সংকেত কঢ়িয়াই আনিছে ।

Assam Weather report
ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা (x@GuwahatiRmc)

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 3:14 PM IST

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : জলবায়ু পৰিৱৰ্তনৰ কবলত অসম । ৰাজ্যত ভয়ংকৰভাবে বৃদ্ধি পাইছে তাপমাত্ৰা ।‌ গৰমত প্ৰভাৱিত হৈছে জনজীৱন । জুন-জুলাই মাহৰ দৰে ছেপ্টেম্বৰৰ মাজভাগতো তাপমাত্ৰা বৃদ্ধিয়ে অশনি সংকেত দিছে । সৰ্বোচ্চ তাপমাত্ৰাই অভিলেখ সৃষ্টি কৰাৰ উপক্ৰম হৈছে । ৰাজ্যৰ সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ ৫-৬ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে । ৰাজ্যৰ কেইবাখনো চহৰ-নগৰত যোৱা কিছুদিন সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছতকৈ বৃদ্ধি পাইছে । গুৱাহাটীত যোৱা ৪ দিন ধৰি সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ হৈ আছে । তেনেদৰে কিছুদিন ধৰি তেজপুৰ, শিলচৰ, লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ হৈ আছে ।

পূৰ্বতে এনেদৰে ছেপ্টেম্বৰ মাহৰ কোনো এদিন সৰ্বোচ্চ তাপমাত্ৰা গুৱাহাটী, শিলচৰ, তেজপুৰ, লখিমপুৰ, ডিব্ৰুগড় আদি চহৰত ৩৮ ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থাকে যদিও এইবাৰ গুৱাহাটীত যোৱা ৪ দিন ধৰি সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছ হৈ আছে । তেনেদৰে কিছুদিন ধৰি তেজপুৰ, শিলচৰ, লখিমপুৰত সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলচিয়াছত আছে । এইটোৱে এক অশনি সংকেত দিছে ।

ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা (x@GuwahatiRmc)

গুৱাহাটীত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে যোৱা এক দশকৰ পিছত অসমত কেইবাখনো চহৰ-নগৰত ছেপ্টেম্বৰত সৰ্বোচ্চ তাপমাত্ৰাই অভিলেখ ভংগ কৰিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমৰ কেইখনমান জিলাত সৰ্বোচ্চ তাপমাত্ৰা যোৱা এক দশকৰ পৰা ক্ৰমাৎ বৃদ্ধি পাই আহিছে ।

গুৱাহাটী চহৰৰ এক দশকৰ সৰ্বোচ্চ তাপমাত্ৰা :

ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা (x@GuwahatiRmc)

তথ্য মতে, ছেপ্টেম্বৰৰ মাহত ২০১৪ চনত গুৱাহাটীত সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৬.৪ ডিগ্ৰী চেলচিয়াছ আছিল । ঠিক সেইদৰে ২০১৫ চনত ছেপ্টেম্বৰ মাহত গুৱাহাটীত সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৬.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৬ চনত ৩৬.১ ডিগ্ৰী চেলচিয়াছ, ২০১৭ চনত ৩৬.৫ ডিগ্ৰী চেলচিয়াছ, ২০১৮ চনত ৩৫.৮ ডিগ্ৰী চেলচিয়াছ, ২০১৯ চনত ৩৭.৬ ডিগ্ৰী চেলচিয়াছ, ২০২০ চনত ৩৬.৮ ডিগ্ৰী চেলচিয়াছ, ২০২১ চনত ৩৭ ডিগ্ৰী চেলচিয়াছ, ২০২২ চনত ৩৬.১ ডিগ্ৰী চেলচিয়াছ, ২০২৩ চনত ৩৮.২ ডিগ্ৰী চেলচিয়াছ, ২০২৪ চনত ৩৮.২ ডিগ্ৰী চেলচিয়াছ ।

ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা (x@GuwahatiRmc)

ডিব্ৰুগড় চহৰৰ এক দশকৰ সৰ্বোচ্চ তাপমাত্ৰা :

তথ্য মতে, ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ডিব্ৰুগড় চহৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৫.৮ ডিগ্ৰী চেলচিয়াছ আছিল । ঠিক সেইদৰে ২০১৫ চনত ডিব্ৰুগড়ত সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৬.৭ ডিগ্ৰী চেলচিয়াছ, ২০১৬ চনত ৩৪.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৭ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৮ চনত ৩৫.৪ ডিগ্ৰী চেলচিয়াছ, ২০১৯ চনত ৩৬.৬ ডিগ্ৰী চেলচিয়াছ, ২০২০ চনত ৩৭.৮ ডিগ্ৰী চেলচিয়াছ, ২০২১ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ, ২০২২ চনত ৩৬.৪ ডিগ্ৰী চেলচিয়াছ, ২০২৩ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ, ২০২৪ চনত ৩৮.৭ ডিগ্ৰী চেলচিয়াছ ।

ছেপ্টেম্বৰ মাহৰ তাপমাত্ৰা (x@GuwahatiRmc)

শিলচৰ চহৰৰ এক দশকৰ সৰ্বোচ্চ তাপমাত্ৰা :

তথ্য মতে, ২০১৪ চনত ছেপ্টেম্বৰ মাহত শিলচৰ চহৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলচিয়াছ আছিল । ঠিক সেইদৰে ২০১৫ চনত শিলচৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৯ ডিগ্ৰী চেলচিয়াছ, ২০১৬ চনত ৩৬ ডিগ্ৰী চেলচিয়াছ, ২০১৭ চনত ৩৭.৪ ডিগ্ৰী চেলচিয়াছ, ২০১৮ চনত ৩৭ ডিগ্ৰী চেলচিয়াছ, ২০১৯ চনত ৩৮.২ ডিগ্ৰী চেলচিয়াছ, ২০২০ চনত ৩৮.৭ ডিগ্ৰী চেলচিয়াছ, ২০২১ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ, ২০২২ চনত ৩৭.৫ ডিগ্ৰী চেলচিয়াছ, ২০২৩ চনত ৩৯.৪ ডিগ্ৰী চেলচিয়াছ, ২০২৪ চনত ৩৮.৪ ডিগ্ৰী চেলচিয়াছ ।

লখিমপুৰৰ এক দশকৰ সৰ্বোচ্চ তাপমাত্ৰা :

তথ্য মতে, ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ লখিমপুৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৭.৮ ডিগ্ৰী চেলচিয়াছ আছিল । ঠিক সেইদৰে ২০১৫ চনত উত্তৰ লখিমপুৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৬.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৬ চনত ৩৬.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৭ চনত ৩৮.৪ ডিগ্ৰী চেলচিয়াছ, ২০১৮ চনত ৩৭ ডিগ্ৰী চেলচিয়াছ, ২০১৯ চনত ৩৮ ডিগ্ৰী চেলচিয়াছ, ২০২০ চনত ৩৭ ডিগ্ৰী চেলচিয়াছ, ২০২১ চনত ৩৯.৩ ডিগ্ৰী চেলচিয়াছ, ২০২২ চনত ৩৬.৮ ডিগ্ৰী চেলচিয়াছ, ২০২৩ চনত ৩৮ .৪ ডিগ্ৰী চেলচিয়াছ, ২০২৪ চনত ৩৮.৬ ডিগ্ৰী চেলচিয়াছ ।

তেজপুৰ চহৰৰ এক দশকৰ সৰ্বোচ্চ তাপমাত্ৰা :

তথ্য মতে, ২০১৪ চনৰ ছেপ্টেম্বৰৰ মাহত তেজপুৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা ৩৫.৮ ডিগ্ৰী চেলচিয়াছ আছিল । ঠিক সেইদৰে ২০১৫ চনত তেজপুৰৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা আছিল ৩৬.৭ ডিগ্ৰী চেলচিয়াছ, ২০১৬ চনত ৩৪.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৭ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ, ২০১৮ চনত ৩৫.৪ ডিগ্ৰী চেলচিয়াছ, ২০১৯ চনত ৩৬.৬ ডিগ্ৰী চেলচিয়াছ, ২০২০ চনত ৩৭.৮ ডিগ্ৰী চেলচিয়াছ, ২০২১ চনত ৩৭.৫ ডিগ্ৰী চেলচিয়াছ, ২০২২ চনত ৩৬.৪ ডিগ্ৰী চেলচিয়াছ, ২০২৩ চনত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ আৰু ২০২৪ চনত ৩৮.৫ ডিগ্ৰী চেলচিয়াছ ।

লগতে পঢ়ক :উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই - Heat Stroke Death

ABOUT THE AUTHOR

...view details