তেজপুৰ : এক গোপন সূত্ৰৰ খবৰৰ আধাৰত শোণিতপুৰ আৰক্ষীয়ে ঢেকীয়াজুলীৰ বাতাচিপুৰত এক অভিযান চলায় ৷ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত শোণিতপুৰ আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত চলোৱা এক অভিযানত দলটোৱে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মাধুৰীমা দাসে শুক্ৰবাৰে সংবাদ মাধ্যমৰ আগত কয়, "সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৫ টা হেণ্ড গ্ৰেণেড আৰু ৫ টা ডিটনেটৰ উদ্ধাৰ কৰা হয় । এই সামগ্ৰীসমূহ এটা প্লাষ্টিকৰ বেগত মেৰিয়াই গাঁত খান্দি পুঁতি থৈছিল ।’’
তেওঁ লগতে কয় যে এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই বাতাচিপুৰতে চলিত বৰ্ষৰ আগষ্ট মাহতো শোণিতপুৰ আৰক্ষীয়ে চীনত নিৰ্মিত ৫ টা হেণ্ড গ্ৰেণেড, ৫ টা হস্ত নিৰ্মিত গ্ৰেণেড আৰু ৫ ডাল ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
উল্লেখযোগ্য যে, ঢেকীয়াজুলীৰ এই বাতাচিপুৰত বিগত সময়চোৱাত উগ্ৰপন্থী সংগঠনৰ ঘাটি আছিল । বিশেষকৈ এন ডি এফ বিৰ বহুকেইটা শিবিৰ আছিল এই বাতাচিপুৰত । পৰৱৰ্তী সময়ত সেনা বাহিনী, বিভিন্ন সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই শিবিৰসমূহ উৎখাত কৰিছিল ।