গুৱাহাটী: এইবাৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । মুখ্যমন্ত্রী আৰু অখিল গগৈৰ মাজত চলি অহা অভিযোগ আৰু প্ৰতি-অভিযোগৰ মাজতে আজি অখিল গগৈয়ে আন এটা অভিযোগ উত্থাপন কৰিলে । মুখ্যমন্ত্রীৰ দুই ভাতৃয়ে কেনেদৰে চাকৰি পাইছিল সেই নিযুক্তিৰ তদন্তৰ দাবী জনালে অখিল গগৈয়ে ।
কমল কুমাৰ মেধি-দুলাল বৰাই পইচা লোৱাৰ উল্লেখ নাই:
বিধানসভা চৌহদত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃয়ে কেনেদৰে চাকৰি পাইছিল সাহস আছে যদি সেই নিযুক্তিৰো তদন্ত কৰক বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় ।
হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিযুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপন অখিল গগৈৰ (ETV Bharat Assam) এ পি এছ চিৰ কেলেংকাৰী আৰু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত অখিল গগৈয়ে কয়, "ডাঃ মৃগেন শইকীয়াই দিয়া ভাষ্যটো সম্পূৰ্ণৰূপে এটা খেলিমেলি ভাষ্য । কাৰণ মৃগেন শইকীয়াই আদালতত দিয়া ১৬৪ ষ্টেটমেণ্টত তাত ক'তো কমল কুমাৰ মেধি আৰু দুলাল বৰাই পইচা লোৱাৰ উল্লেখ নাই । আদালতৰ ষ্টেটমেণ্টহে গুৰুত্বপূৰ্ণ । বাহিৰত কোৱা কথাটো কেতিয়াও গুৰুত্বপূৰ্ণ নহয়" ।
ডাঃ মৃগেন শইকীয়াৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ পুনৰ কয়, "আদালতত তেওঁ যিটো অভিযোগ অনা নাই সেইটো তেওঁ বি কে শৰ্মা আয়োগত আনিছে । বি কে শৰ্মা তদন্ত আয়োগে সমস্যাৰ গুৰিটোলৈ যোৱাৰ চেষ্টা কৰা নাই । আয়োগৰ প্ৰতিবেদনৰ আন দিশসমূহ দেখুৱাবলৈ সক্ষম হোৱা নাই । বি কে শৰ্মাৰ প্ৰতিবেদনৰ এটা সীমাবদ্ধতা আছে । যিটো কেলেংকাৰীৰ কাৰণে ২০১৩ আৰু ২০১৪ বৰ্ষৰ একাংশ বিষয়াৰ চাকৰি খোৱা হ'ল যদিও আন সকলে আজিও চাকৰি কৰি আছে । সেই কাৰণে ২০১৩ আৰু ২০১৪ বৰ্ষৰ চি চিৰ সকলো নিযুক্তি বাতিল কৰিব লাগে । আনহাতে কোনে এই গোটেই কাণ্ডবিলাক সম্পূৰ্ণ কৰিছে তাৰ একচনৰ বাবে চি বি আই তদন্ত হ'ব লাগে । ইয়াৰ বাহিৰে বেলেগ কথা পাতি কোনো লাভ নাই ।"
যদি সাহস আছে তদন্ত দিয়ক:
ইপিনে, ৰাকেশ পালৰ দিনত নিযুক্তি পোৱা সকলোৰে চাকৰি নিলম্বন কৰিব লাগে বুলি দাবী জনাই অখিল গগৈয়ে কয়, "নিলম্বন নকৰা মানেই তাৰ লগত হিমন্ত বিশ্ব শৰ্মা জড়িত বুলি আমি প্ৰমাণ পাব লাগে । নিলম্বন কিয় নকৰে, কাৰণ তাৰ মানে তাত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ প্ৰাৰ্থী আছে । হিমন্ত বিশ্ব শৰ্মাক মই এটা অনুৰোধ কৰো যে আপোনাৰ দুয়োটা ভায়েকে কেনেকৈ এ পি এছ আৰু এ চি এছ পাইছে তাৰ ওপৰত এটা তদন্ত দিয়ক । বেলেগ একো নালাগে । কেনেকৈ আপোনাৰ দুয়োটা ভায়েকে এ পি এছ চিৰ চাকৰি পালে তাৰ এটা তদন্ত দিলে সকলো কথা ওলাই পৰিব । আপুনি কিদৰে এ পি এছ চিক ব্যৱহাৰ কৰে সকলো ওলাই আহিব । যদি সাহস আছে তদন্ত দিয়ক, এইটো এজন বিধায়কৰ আপোনাৰ প্ৰতি প্ৰত্যাহ্বান" ৷