অসম

assam

ETV Bharat / state

বিদায়ী বৰ্ষটোত বন্যহস্তীয়ে কাৰ কিমান ক্ষতি কৰিলে ? - MAN ELEPHANT CONFLICT IN ASSAM

ৰাজ্যত হাতী-মানুহৰ সংঘাতত প্রাণ গল ৬৮ জন লোকৰ । বিপৰীতে মৃত্যু ৬৭ টা হাতীৰ । জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন ।

How much damage did wild elephants cause in the state in 2024?
বিদায়ী বৰ্ষত বন্যহস্তীয়ে কৰিলে কাৰ কিমান ক্ষতি ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 9:24 PM IST

তেজপুৰ:বাগৰ সলাবৰ হ'ল এই বছৰটোৱে । চলিত বছৰটোত হাতী-মানুহৰ সংঘাতে ধাৰণ কৰিলে ভয়ংকৰ ৰূপ । এক তথ্য অনুসৰি ৰাজ্যত হাতী-মানুহৰ সংঘাতত পাঁচ বছৰত ৩৮৩ গৰাকী লোকৰ মৃত্যু হৈছে । প্ৰাণ গৈছে ৯২ টা হাতীৰ । চলিত বৰ্ষত অসমত মানুহ আৰু জীৱ-জন্তুৰ সংঘাতৰ ফলত কেবাটাও বনৰীয়া হাতীৰ লগতে মানুহেও প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

এই বছৰটোত আটাইতকৈ কৰুণ ঘটনা সংঘটিত হৈছিল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত । বনৰীয়া হাতীৰ আক্ৰমণত একেদিনাই বন বিভাগৰ দুজন কৰ্মীৰ লগতে তিনিজন লোকে প্ৰাণ হেৰুৱালগীয়া হয় । এটা অকলশৰীয়া বনৰীয়া হাতীয়ে শোণিতপুৰ জিলাৰ ধীৰাজুলি অঞ্চলত পুৱতি নিশা দুজন বনৰক্ষীসহ এজন স্থানীয় লোকক আক্ৰমণ কৰি থিতাতে নিহত কৰে । হাতীটো উন্মত্ত অৱস্থাত এখন চাহ বাগিচাত আশ্ৰয় লৈছিল ।

পশ্চিম তেজপুৰ আঞ্চলিক বন প্ৰাধিকাৰী নৃপেন কলিতাই ই টিভি ভাৰতক জনাই, "বনৰক্ষী কোলেশ্বৰ বড়ো আৰু বীৰেন ৰাভা এই দুগৰাকীৰ লগতে এজন স্থানীয় লোকৰ মৃত্যু হোৱা বুলি বন বিভাগৰ তৰফৰ পৰা জানিবলৈ পৰা যায় । আনহাতে পশ্চিম তেজপুৰ সদৰ আঞ্চলিক বন বিভাগৰ দিবাকৰ মালাকৰ নামৰ এজন বন বিষয়া গুৰুতৰ ভাবে আহত হয় । ঘটনা সংঘটিত হয় ২৭ এপ্ৰিলৰ পুৱা চাৰি বজাত ৷ অকলশৰীয়া হাতীটোৱে ঢেকীয়াজুলিৰ ধীৰাই মাজুলীৰ এখন চাহ বাগিচাৰ সমীপত যতীন তাঁতী নামৰ ৬১ বছৰীয়া লোকজনক আক্ৰমণ কৰি মৃত্যু ঘটায় ।"

এই স্থানীয় লোকজনৰ মৃত্যুৰ পাছত পশ্চিম তেজপুৰ আঞ্চলিক বন বিভাগে তাৎক্ষণিকভাৱে ৰঙাপাৰা এমাৰিবাৰী ৰেঞ্জ আৰু চাৰিদুৱাৰ ৰেঞ্জৰ পৰা অতিৰিক্ত বনকৰ্মী উক্ত ঠাইত নিয়োজিত কৰে । আনহাতে বাঘৰ আক্ৰমণত দুগৰাকী মহিলা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈ পৰৱৰ্তী সময়ত ডব্লিউ ডব্লিউ এফৰ সহায়ত গুৱাহাটীত চিকিৎসাধীন হৈ সুস্থ হৈ উঠে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত হোৱা এই ঘটনাৰ ফলত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হৈছিল । ১৩ ডিচেম্বৰত গোলাঘাট জিলাৰ অভয়জান চাহ বাগিচাত পোৱা যায় মূৰত ৰড সোমাই থকা এটা বন্যহস্তীৰ পোৱালি ।

তাৰ পাছতে উক্ত ঘটনাৰ বিষয়ে গোলাঘাটৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অৱগত কৰা হয় । এই খবৰ লাভ কৰিয়েই আঞ্চলিক বন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ আহত হাতী পোৱালিটোৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । আনহাতে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত চলিত বৰ্ষৰ হাতী আৰু মানুহৰ সংঘাতৰ ফলত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে ।

শেহতীয়াকৈ ডিচেম্বৰ মাহত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয় । কেইবাজনো বিশেষজ্ঞৰ মতে বিগত ২০১৭ চনৰ পিছৰ পৰা উত্তৰ পূৰ্বাঞ্চলত হাতীৰ গণনা হোৱাৰ তথ্য উপলদ্ধ নহয় । বিপৰীতে প্ৰতি বছৰে হাতীৰ সংখ্যা গণনা কৰি আহিছে চৰকাৰে । সেই ২০১৭ চনৰ চৰকাৰী তথ্য অনুসৰি হাতীৰ সংখ্যা অৰুণাচল প্ৰদেশত ১৬১৪ টা ,অসমত ৫৭১৪ টা মেঘালয়ত ১৭৫৪ টা ,নাগালেণ্ডত ৪৪৬ টা মিজোৰামত ৭ টা , ত্ৰিপুৰাত ১০২ টা ।

ইয়াৰ বিপৰীতে পশ্চিম বংগৰ উত্তৰে হাতীৰ সংখ্যা আছিল ৪৮৮ টা আৰু দক্ষিণে ১৯৪ টা । আৰণ্যকৰ হস্তী বিশেষজ্ঞ হিতেন বৈশ্যই ই টিভি ভাৰতক জনোৱা মতে ২০১৯ বৰ্ষত হাতী আৰু মানুহৰ সংঘাতত মুঠ ৮৮ জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৫৩ টা হাতীৰ মৃত্যু হৈছিল । ২০২০ বৰ্ষত এই হাৰ কিছু পৰিমানে কম হৈছিল আৰু ৫৭ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৪৭ টা হাতীৰ মৃত্যু ঘটিছিল ।

২০২১ বৰ্ষত এই সংঘাত পুনৰ বৃদ্ধি পায় আৰু ৭৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮ টা হাতীৰ মৃত্যু হয় । ২০২২ বৰ্ষত পুনৰ একে হাৰতে ৭৬ জন লোক হাতীৰ আক্রমনৰ বলি হয় আৰু ৬২ টা হাতীৰ মৃত্যু ঘটে । ২০২৩ বৰ্ষত পুনৰ সংঘাত বৃদ্ধি হয় আৰু ৯০ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ৭১ টা বনৰীয়া হাতী মৃত্যুমুখত পৰে । অৰ্থাৎ ২০১৯ চনৰ পৰা ২০২৩ চনলৈ ৩৮৭ জন লোকে প্ৰাণ হেৰুৱাইছে হাতীৰ আক্ৰমণত ।

ইয়াৰ বিপৰীতে হাতীৰ মৃত্যুৰ সংখ্যা ২৭১ টা । আনহাতে চলিত বৰ্ষৰ ১০ ডিচেম্বৰলৈ এই সংঘাতত ৬৮ জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ৩ ডিচেম্বৰলৈকে প্ৰায় ৬৭ টা হাতীৰ মৃত্যু হৈছে । এক সমীক্ষাৰ মতে শোণিতপুৰ আৰু দৰং জিলাত বছৰি ৪০ জন লোক হাতী-মানুহৰ সংঘাতত নিহত হৈছে । অৱশ্যে এই সমীক্ষাৰ তথ্য বহু সময়ত পলমকৈ উপলব্ধ হয়, কাৰণ কিছুমান ঘটনা প্ৰশাসনৰ অজ্ঞাতে থাকি যায় ।

সংঘাতৰ আঁৰৰ কাৰণ:

হাতী বিশেষজ্ঞ হিতেন বৈশ্যই কয়, "হাতীয়ে নিজৰ বাসস্থান হেৰুওৱা, হাতীৰ গতিপথ বন্ধ হোৱা, বিশেষকৈ শীতকালত বনাঞ্চলৰ ভিতৰত পানীৰ অভাৱ, ধান আৰু অন্যান্য শস্য আৰু অন্যান্য খাদ্যৰ প্ৰতি আকৰ্ষণ প্ৰধান কাৰণ এই সংঘাতৰ । লগতে অদক্ষ প্ৰশমন ব্যৱস্থাই দুয়োপক্ষৰ হতাহতৰ সংখ্যা বৃদ্ধি কৰে ।"

প্ৰকৃতিবিদ তথা বিশিষ্ট হাতী সংৰক্ষণকাৰী কৌশিক বৰুৱাই কয় , " অসমত যিমান সংখ্যক হাতী আছে সেইসমূহ থকাৰ বাবে যদি প্ৰয়োজনীয় বাসস্থান আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হয় তেন্তে অদূৰ ভৱিষ্যতে হাতী আৰু মানুহৰ সংঘাত কিছু পৰিমানে লাঘৱ হব ।"

আনহাতে হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হোৱা মানুহ বা ধ্বংস হোৱা সম্পত্তিৰ ক্ষেত্ৰত চৰকাৰীভাৱে দিয়া ক্ষতিপূৰণ তাৎক্ষণিক আৰু সময়োপযোগী হ'ব লাগে । উল্লেখযোগ্য যে অসমত এই সংঘাতৰ প্ৰধান কাৰণ হ'ল হাতীৰ বাসস্থানৰ ব্যাপক হাৰত ধ্বংস হৈছে । ইয়াৰ উপৰিও হাতীৰ কৰিড'ৰসমূহ অবৈধভাৱে দখল কৰি মানুহৰ বসতিস্থান হোৱাৰ বাবেও সংঘাতৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:কংগ্ৰেছৰ বিশাল প্ৰতিবাদৰ মাজতেই মৃত্যুক সাবটিলে অধিবক্তা কংগ্ৰেছ নেতাই - CONGRESS WORKER DIES DURING PROTEST

জেহাদী সন্দেহত কোকৰাঝাৰ-ধুবুৰীত গ্ৰেপ্তাৰ ৯ - SUSPECTED JIHADI ARRESTED

ABOUT THE AUTHOR

...view details