মেষ ৰাশি: আজি আপুনি নতুন দায়িত্ব পাব ৷ সেইবাবে কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব, ভাগৰি পৰিব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
বৃষ ৰাশি:আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক ৷ কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ'ব পাৰে ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল, কাৰণ তাৰ বাবে আপুনি মনৰ পৰা সাজু হোৱা নাই ৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি যাওক ৷ ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থা উন্নত হ'ব ৷
মিথুন ৰাশি:বিশেষ কিছু বেয়া হোৱাৰ আশংকা আছে ৷ আপুনি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ সেয়ে আপোনাৰ ভাল লগা কামত মন দিয়ক, যিয়ে আপোনাক চিন্তামুক্ত কৰিব পাৰে ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷
ককৰ্ট ৰাশি: আজি আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷
সিংহ ৰাশি: আপোনাৰ কৰ্মজীৱনত অশান্তি আহিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আজি আপুনি ৰোমাঞ্চকৰ হৈ পৰিব । নতুন ব্যৱসায় আৰম্ভ হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত নৈশআহাৰ ভাল হʼব ৷
কন্যা ৰাশি: শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন । সন্তানক লৈ হোৱা দুঃশ্চিন্তাই আপোনাক অসুবিধা দি থাকিব পাৰে । শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব । সাৱধানে থাকক । আজি গোটেই দিনটো আপুনি পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব । বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব ।
তুলা ৰাশি: আজি আপোনাৰ ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন যাব পাৰে । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷
বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে । স্ত্ৰীভাগ্য আপোনাৰ অনুকূলে থাকিব । আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমীয়াল দিশটোৰ উমান পাব । আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ । সৰুসুৰা ভ্ৰমণৰ যোগ আছে । আজি আপুনি মানসিকভাৱে আৰামত থাকিব । আপোনাৰ প্ৰতিপক্ষসকলে সেও মানিব ।
ধনু ৰাশি:গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মীদেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব, কামৰ ফল ভোগ কৰক ৷ সামাজিক কামত কৃতকাৰ্য হ'ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব ৷
মকৰ ৰাশি:আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷
কুম্ভ ৰাশি: খৰচ আৰু জমাৰ হিচাপ একে থাকিব ৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা কিছুদিন আতৰি থাকক ৷ আপোনাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা হ'ব পাৰে কাৰণ আপোনাৰ কথাক আনে বেলেগ দিশৰ পৰা চাব ৷ ফলত ভুল বুজাবুজি হ'ব পাৰে ৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক ৷
মীন ৰাশি: আপোনাৰ নিজা গ্ৰহৰ প্ৰভাব আপোনাৰ ওপৰত ভালকৈ পৰা যেন লাগে ৷ আপুনি আপোনাৰ বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মণি হৈ পৰিব ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক উন্নত আৰু লাভজনক হ'ব ৷ কিন্তু আপুনি তেওঁলোকক সময় দিয়াত ব্যৰ্থ হব ৷ প্ৰিয়জনৰ শুভেচ্ছা লাভ কৰিব ৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হব ৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে ৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব ৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব ৷