অসম

assam

ETV Bharat / state

পহিলা ভাদত নগাঁৱৰ বটদ্ৰৱা থান আৰু ভড়ালী নামঘৰত ভক্তৰ ভিৰ - Holy Bhada month

Holy Bhada month: পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিন । প্ৰথম দিনাই হৰিনামৰ ধ্বনি, তাল খোলৰ শব্দত মুখৰিত হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থান । পুৱাৰে অনুষ্ঠিত নাম-প্ৰসংগৰে আকাশ-বতাহ মুখৰিত হৈ থকা ঐতিহাসিক ভড়ালী নামঘৰতো অগণন ভকত-বৈঞ্চৱ, আই-মাতৃৰ ভিৰ ।

Holy Bhada month begins today, devotees throng at Batadrava Than and Bharali Namghar
বটদ্ৰৱা থান আৰু ভড়ালী নামঘৰত ভক্তৰ ভিৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 8:39 PM IST

নগাঁও/কলিয়াবৰ,১৮ আগষ্ট:আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ । ভাদ মাহৰ পহিলা দিনটোতেই হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জনস্থান বটদ্ৰৱা থান । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত হয় নাম-প্ৰসংগ । পুৱাৰ পৰাই অগণন ভক্তৰ সমাগমে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰে বটদ্ৰৱা থানত ।

বটদ্ৰৱা থান আৰু ভড়ালী নামঘৰত ভক্তৰ ভিৰ (ETV Bharat Assam)

পৱিত্ৰ ভাদ মাহ উপলক্ষে দেওবাৰে পাৰম্পৰিকভাৱে পুৱাৰে পৰা তাল কোবোৱা, মঞ্জীৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, ডেৰ পৰীয়া প্ৰসংগ, শেষ পাল, ঘোষা কীৰ্তনীয়া নাম আদি বিভিন্ন প্ৰসংগৰ ওপৰিও বটদ্ৰবা থানৰ ভকতসকলে "কৃষ্ণ হৰি মোৰ বান্ধৱ" --শীৰ্ষক নিৰক্ষৰী ঘোষাৰে পুৱা, দুপৰীয়া আৰু নিশা নাম ডকা কাৰ্যসূচী চলায় ।

ইফালে পবিত্ৰ ভাদ মাহৰ প্ৰথম পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী সকলে আহি শৰাই নৈবেদ্য আগবঢ়াইছে । পুৱাই গুৰুজনাৰ জন্মস্থানত বটদ্ৰৱা থানত নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাও উপস্থিত হৈ গুৰুজনাৰ আশিস গ্ৰহণ কৰাৰ লগতে বটদ্ৰৱা থানলৈ অহা ভক্তপ্ৰাণ লোকক জনায় আদৰণি ।

অসমীয়া সমাজ জীৱনত এই পৱিত্ৰ ভাদ মাহৰ আছে এক গুৰুত্বপূৰ্ণ মহত্ব । পৱিত্ৰ ভাদ মাহ উপলক্ষে বটদ্ৰৱা থান পৰিচালনা সমিতিয়েও গ্ৰহণ কৰিছে বিস্তীৰ্ণ কাৰ্যসূচী । এই পৱিত্ৰ ভাদ মাহতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগতে গুৰুজনাৰ প্রিয় শিষ্য শ্ৰী মাধৱদেৱৰ তিথি । কেৱল এয়াই নহয় জন্মাষ্টমী আৰু দুই সংক্ৰান্তিৰ নামো এই পৱিত্ৰ ভাদ মাহতেই যাৰ বাবেই অধিক গুৰুত্বপূৰ্ণ হিচাপে অসমীয়া সমাজত বিবেচিত হৈ অহা এই ভাদ মাহত গুৰুজনাৰ জন্মস্থানত কৰা হয় বিশেষ আয়োজন ।

ভাদ মাহত কি কি কাৰ্যসূচী বটদ্ৰৱা থানত ?

বছৰৰ বাৰ মাহেই চৈধ্য প্ৰসংগ চলি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনৰ পৰাই অনুষ্ঠিত হয় ওঠৰ প্ৰসংগ । পৱিত্ৰ ভাদ মাহ উপলক্ষে পুৱাই তাল কোবোৱা প্ৰসংগৰে আৰম্ভ হয় । তাৰ পাছত পুৱাই প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাচতেই আইসকলৰ নাম আৰু পুৱা আৰু দুপৰীয়াৰ গীতৰ লগতে নিশা আঠ ন বজালৈকে নাম-প্ৰসংগৰে মুখৰিত হৈ থাকে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান । ভাদ মাহতেই দুই সংক্ৰান্তিৰ নাম অনুষ্ঠিত হয়। য’ত কমেও দুশগৰাকী ভকতে তাল কোবোৱা প্ৰসংগৰে গীত-মাতেৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ।

লগতে দুই সত্ৰৰ ভকত-বৈষ্ণৱ একত্ৰিত হৈ ডাঙৰ ভাওনাও অনুষ্ঠিত কৰা হয় । সমান্তৰালকৈ মাধৱদেৱৰ তিথিৰ দিনা অনুষ্ঠিত হয় দিন ভাওনা । য’ত দধি মথনো হয় । পৱিত্ৰ ভাদ মাহ উপলক্ষে গুৰুজনাৰ জন্মস্থানলৈ অহা ভক্তপ্ৰাণ লোকৰ বাবেও পৰ্যপ্ত আপ্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জনায় থান পৰিচলান সমিতিয়ে । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয় থান পৰিচালনা সমিতিয়ে ।

ঐতিহাসিক ভড়ালী নামঘৰত ভকতৰ ভিৰ:

ৰাজ্যৰ অন্যতম এক ঐতিহাসিক নামঘৰ হৈছে নগাঁও জিলাৰ কলিয়াবৰৰ ভড়ালী নামঘৰ । পহিলা ভাদৰ এই দিনটোত পৱিত্ৰ ভড়ালী নামঘৰলৈ বৈছে অগণন ভক্তৰ সোঁত । ভাদ মাহৰ পহিলা দিনটোত ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত নাম-প্ৰসংগৰ লগতে মাহজোৰা বিশেষ আয়োজন পৰিলক্ষিত হৈছে ভড়ালী নামঘৰত । ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ভৰালী নামঘৰতো ভাদ মহীয়া ব্যস্ততা আৰম্ভ হৈছে ।

লগতে পঢ়ক:ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ভকত-বৈষ্ণৱৰ লানি নিচিগা সোঁত - Holy Bhada month

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month

ABOUT THE AUTHOR

...view details