অসম

assam

অসমত ভয়ানক ৰূপ লৈছে এইচ আই ভি সংক্ৰমণে, ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থানত শোণিতপুৰ - HIV case in Assam

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:20 PM IST

HIV case in Assam: ৰাজ্যত বৃদ্ধি পাইছে মাৰাত্মক HIV পজিটিভ ৰোগীৰ সংখ্যা । এইক্ষেত্ৰত অসমৰ ভিতৰতে চতুৰ্থ স্থানত আছে শোণিতপুৰ জিলা । শোণিতপুৰৰ জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ হিৰঞ্জন শইকীয়াৰ মুখত বিস্ফোৰক তথ্য । বৃদ্ধি পাইছে একাদশ, দ্বাদশ আৰু বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ সমাজত HIV ৰ সংক্ৰমণ ।

HIV infection has taken a terrible form in Assam, Sonitpur ranks fourth in Assam
ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থানত শোণিতপুৰ (ETV Bharat Assam)

তেজপুৰ,২২ আগষ্ট:সমগ্ৰ ৰাজ্যতে ভয়ানক ৰূপ ধাৰণ কৰিছে মাৰাত্মক HIV সংক্ৰমণে । সৰ্বসাধাৰণৰ জীৱন পংগু কৰি তোলা মাৰাত্মক ড্ৰাগছৰ প্ৰচলনৰ সমান্তৰালভাৱে এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰৰ অসমৰ ভিতৰতে চতুৰ্থ স্থানত আছে শোণিতপুৰ জিলা ৷ এই তথ্য শোণিতপুৰৰ জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ হিৰঞ্জন শইকীয়াৰ । ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শইকীয়াই কয় , "যুৱ প্ৰজন্মৰ মাজত বিশেষকৈ ছাত্ৰ সমাজৰ একাদশ, দ্বাদশ আৰু বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ সমাজত এই সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে, যাৰ ফলত আহোম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত শোণিতপুৰ জিলাত যোৱা ১২ আগষ্ট ৰ পৰা দুমাহজোৰা বিভিন্ন সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।"

ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থানত শোণিতপুৰ (ETV Bharat Assam)

কিয় বৃদ্ধি পাইছে HIV:

এইচ আই ভি সচৰাচৰ এক যৌন সংক্ৰান্তীয় ভাইৰাছ । সমগ্ৰ ভাৰতবৰ্ষৰত এই ব্যাধি শতকৰা ৯০ শতাংশ । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত যৌন সংক্ৰান্তীয় ব্যাধিৰ সমান্তৰালভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে ইনজেক্টেবল ড্ৰাগছ ইউজাৰ (IDU) । এই ধৰণৰ ব্যাধি সমগ্ৰ ভাৰতবৰ্ষতে হোৱা নাই, যিটো হাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত হৈছে । চিৰিঞ্জৰ দ্বাৰা ড্ৰাগছ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্ম আক্ৰান্ত হৈছে এইচ আই ভিত । চৰকাৰে লোৱা বিভিন্ন সতৰ্কতাৰ ফলত ইতিমধ্যে অৰেল ড্ৰাগছ ব্যৱহাৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও চিৰিঞ্জ ব্যৱহাৰ কৰা সংখ্যা বহুখিনি বৃদ্ধি পাইছে ।

লগতে চিকিৎসক শইকীয়াই জনাই যে অসমৰ ভিতৰত শোণিতপুৰ এইচ আই ভি সংক্ৰমণত চতুৰ্থ স্থানত আছে । গুৱাহাটী, নগাওঁ, কাছাৰ আৰু শোণিতপুৰ । এইডছ কণ্ট্ৰোল ছ'চাইটিৰ তৰফৰ পৰা বাকী জিলা কেইখনত ইতিমধ্যে স্পেচিয়েল ড্ৰাইভ কৰাৰ বাবে প্ৰথম বা দ্বিতীয় ৷ কিন্ত শোণিতপুৰ জিলাত এতিয়াও এই ব্যৱস্থা কৰা নাই বাবে বেছি প্ৰভাৱিতৰ সংখ্যা পোৱা নাই ।

সজাগতা সৃষ্টি:

শোণিতপুৰ জিলাত ইতিমধ্যে ২ মাহৰ ভিতৰতে ১০০ টা বিভিন্ন স্থানত সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়সমূহত গুৰুত্ব প্ৰদান কৰা হৈছে । বিভাগে বাটৰ নাট , স্বাস্থ্য পৰীক্ষা, আইনী সুৰক্ষা আৰু সেইসকলৰ লগত বিষয়টোৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছে ।

সংক্ৰমণৰ হাৰ:

বৰ্তমান এইচ আই ভিত আক্ৰান্ত হোৱা বেছিভাগেই কম বয়সৰ অৰ্থাৎ যুৱ প্ৰজন্মৰ । সমগ্ৰ দেশতে ইয়াৰ সংক্ৰমণ ৮০-৯০ শতাংশ ৷ সেয়া বেছিভাগেই অসুৰক্ষিত যৌন সংক্ৰমণ, কিন্ত বিগত সময়ছোৱাত যোৱা দুটা বছৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল আৰু অসমত ইয়াৰ বিপৰীতে ড্ৰাগছৰ দ্বাৰা আক্ৰান্ত হৈ সংক্ৰমণ হোৱাৰ তথ্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ৷ কাৰণ Injectable Drugs Use অৰ্থাৎ চিৰিঞ্জৰ সহায়ত দেহত ড্ৰাগছ লোৱাৰ বাবে এই সংক্ৰমণ বৃদ্ধি পাইছে বুলি চিকিৎসক শইকীয়াই জনাইছে । চলিত বৰ্ষত বৰ্তমানলৈকে শোণিতপুৰ জিলাত প্ৰায় ১৩ হাজাৰ লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত প্ৰায় ১৯১ গৰাকীৰ দেহত এই সংক্ৰমণৰ তথ্য পোৱা গৈছে আৰু ইয়াৰ ভিতৰত সকলোকে চিকিৎসা প্ৰদান কৰা হৈছে চৰকাৰী নিয়ম অনুসৰি ।

লগতে পঢ়ক:যোৰহাটৰ শিশু নিৰীক্ষণ গৃহত বাঢ়িছে এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা - HIV case in Assam

নিচামুক্তি কেন্দ্ৰ ভৰি পৰিছে এইচ আই ভি-হেপাটাইটিছ 'চি'ত আক্ৰান্তৰে - HIV case in Assam

লুটেৰী দুল্হন হিচাপে পৰিচিত কইনাৰ দেহত ধৰা পৰিল এইডছৰ বীজাণু - ROBBER BRIDE HIV POSITIVE

ABOUT THE AUTHOR

...view details