তিনিচুকীয়া : তিনিচুকীয়া জিলাৰ এখন শতায়ু গৰকা ঐতিহাসিক সত্ৰলৈ আহিছে ভয়ংকৰ ভাবুকি ৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ঐতিহাসিক সত্ৰখন ৷ বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে সত্ৰখনৰ সুৰক্ষাৰ বাবে আহ্বান জনাইও কোনো ফলাফল লাভ কৰা নাই । চৰকাৰ তথা প্ৰশাসনে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল ৷
ঐতিহাসিক সত্ৰলৈ ভাবুকি
শ্ৰীশ্ৰী টিপুক মায়ামৰা শিমলুগুৰি বজ্ৰপুৰ সত্ৰলৈ ভাবুকি (ETV Bharat) উল্লেখ্য যে তিনিচুকীয়া জিলাৰ বৃহত্তৰ কৰ্দৈগুৰি অঞ্চলৰ শ্ৰীশ্ৰী টিপুক মায়ামৰা শিমলুগুৰি বজ্ৰপুৰ সত্ৰৰ প্ৰতি আহিছে ভাবুকি ৷ ১৯২৫ চনতে প্ৰতিষ্ঠা লাভ কৰা এই ঐতিহাসিক সত্ৰখনে শতায়ু গৰকা সময়তে সত্ৰখনলৈ এই ভাবুকি আহিছে ৷ বহ্মপুত্ৰৰ এৰাসুঁতি ধলা হাতীঘূলি অনন্ত নলাই কৰ্দৈগুৰি অঞ্চলত ভয়ংকৰ ৰূপত খহনীয়া সৃষ্টি কৰি ইতিমধ্যে অঞ্চলটোৰ ২০ খনকৈ গাঁও নিঃশেষ কৰিছে ।
শেহতীয়াকৈ অনন্ত নলাৰ বান খহনীয়াই টিপুক মায়ামৰা শিমলুগুৰি সত্ৰলৈ আনিছে ভয়ংকৰ ভাবুকিৰ ৷ নদী আৰু সত্ৰৰ মাজৰ ব্যৱধান এতিয়া মাত্ৰ ১০ ফুট ৰৈছে । যিকোনো সময়তে সত্ৰৰ ভূমিকে ধৰি নামঘৰ আদি খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ তথা ঐতিহাসিক সত্ৰখনৰ ভকত-বৈষ্ণৱে বাৰিষাৰ প্ৰাকক্ষণত খহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে ৷ বিগত সময়ত কিছু প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান সুৰক্ষিত নহয় সত্ৰখন ৷
তাৰ সমান্তৰালভাৱে সদৌ মৰাণ ছাত্ৰ সন্থাই বিভাগীয় অভিযন্তাৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰি নক্সা জমা দিয়ে যদিও পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবে সমস্যা সমাধান হোৱা নাই আৰু কোনো কাম আগবঢ়া নাই । যি সময়ত ৰাজ্য চৰকাৰে সত্ৰ, নামঘৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ওপৰত বিভিন্ন আঁচনি লোৱাৰ কথা ঘোষণা কৰিছে তেনে সময়ত মায়ামৰা সমাজৰ এখন ঐতিহাসিক সত্ৰ খহনীয়াত নিঃশেষ হোৱাৰ পথত ৷
এই সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতা অৰ্জুন মৰাণে কয়, "বিগত ৩০ বছৰত খহনীয়াৰ ফলত ২০ খনতকৈও অধিক গাঁও ইতিমধ্যে নদীত জাহ গৈছে । প্ৰায় ৩০০০তকৈও অধিক পৰিয়াল গৃহহীন হৈ পৰিছে । মৰাণ ছাত্ৰ সন্থাই এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী উত্থাপন কৰি অহাৰ পিছতো আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।"
ইফালে অঞ্চলটোৰ এগৰাকী সচেতন লোকে কয়, "সত্ৰখনৰ সুৰক্ষাৰ বাবে কেইবাটাও আঁচনি গ্ৰহণ কৰিছিল যদিও বহু আঁচনি সফল নহ'ল । শেহতীয়াকৈ শৈলপাৰ ব্যৱস্থাৰ বাবে কিছু প্ৰতিৰোধ হৈছে যদিও কোনো কোনো ঠাইত পুনৰ খহনীয়া আৰম্ভ হৈছে । যদি এনেকৈ থাকে অহা সময়ছোৱাত আহিবলগীয়া বানত এই সত্ৰখনৰ প্ৰতি মাৰাত্মক ভাবুকি আহিব । সেয়ে এই সত্ৰখনক ৰক্ষা কৰিব লাগে আৰু অঞ্চলটোক ৰক্ষা কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"
ইফালে বাৰিষা সমাগত । তাৰ পূৰ্বে সত্ৰখনলৈ অহা এই ভাবুকি ৰোধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন সক্ষম হ'বনে ? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ৷
লগতে পঢ়ক :২৫ ফেব্ৰুৱাৰীলৈ অসমৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা - ASSAM WEATHER FORECAST