গুৱাহাটী,১৫ আগষ্ট :আজি স্বাধীনতা দিৱস । ১৯৮৫ চনৰ আজিৰ দিনটোৰ এদিন পূৰ্বে অৰ্থাৎ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত হৈছিল ঐতিহাসিক অসম চুক্তি । অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা ৬ বছৰীয়া আন্দোলনৰ প্ৰেক্ষাপটত হোৱা ঐতিহাসিক অসম চুক্তিয়ে ৩৯ বছৰ সম্পূৰ্ণ কৰি আজি ৪০ বছৰত ভৰি দিলে । বিগত ৩৯ বছৰে কাৰ্যতঃ ৰূপায়ণ নহ'ল অসম চুক্তি ।
আজিও অসমে অনুপ্ৰৱেশৰ সমস্যাৰ পৰা মুক্ত হোৱা নাই । অবৈধ বিদেশী সমস্যাৰে আজিও যুঁজ দি অসমে পুনৰ বিদেশীৰ বোজা গ্ৰহণ কৰিবলগীয়া হৈছে । এইবাৰ আইনৰ যোগেদি বোজা বহন কৰিছে অসমে । নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ জৰিয়তে এজনে হ'লেও অসমৰ পৰা নাগৰিকত্ব লাভ কৰিলে ।
৬ বছৰীয়া আন্দোলনৰ পাছত অসম চুক্তিৰ জৰিয়তে অসমে বিদেশীৰ এক বোজা বহন কৰি এটা ভিত্তি বৰ্ষ লাভ কৰিছিল যদিও আজিৰ তাৰিখত সেই ভিত্তিবৰ্ষৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰিল । কাৰণ ১৯৭১ চনৰ সেই ভিত্তিবৰ্ষৰ পাছত অহা বিদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব । কাছাৰৰ দুলন দাস নামৰ লোকজনে 'কা'ৰ জৰিয়তে লাভ কৰিলে নাগৰিকত্ব । এক কথাত অসম চুক্তিখনকে নসাৎ কৰা হ'ল ।
অসম চুক্তি ৰূপায়ণত গুৰুত্ব নিদিলে কোনো এখন চৰকাৰে :
অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত স্বাক্ষৰিত হৈছিল 'অসম চুক্তি'। ঐতিহাসিক অসম চুক্তিয়ে ৪০ বছৰত ভৰি দিলে । ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ৰে পৰা বিগত ৩৯ বছৰত দিল্লী আৰু দিছপুৰত বহুকেইটা দলে শাসন চলালে যদিও কোনো এটা দলৰ চৰকাৰেই 'অসম চুক্তি'ক প্ৰাধান্যতা নিদিলে । অসমীয়া জাতিৰ বাবে চৰম পৰিতাপৰ বিষয় যে বিগত ৩৯ টা বছৰত চুক্তিখনৰ অন্যতম উল্লেখযোগ্য দফাকেইটা ৰূপায়ণৰ ক্ষেত্ৰত যথোচিত গুৰুত্বই লাভ নকৰিলে ।
আনহাতে চুক্তিখন ৰূপায়ণৰ বাবে অসমত বিগত সময়ত শাসনভাৰ গ্ৰহণ কৰা কোনো এটা ৰাজনৈতিক দলৰ চৰকাৰেই দিল্লীৰ ওচৰত সজোৰে দাবী উত্থাপন কৰি ন্যায্যপ্রাপ্য আদায় কৰাত সফল হ'ব নোৱাৰিলে । অৱশ্যে অসম চুক্তি ৰূপায়ণৰ বাবে সুকীয়া এটা বিভাগ গঠন কৰি ৰাজ্য চৰকাৰে একোজন মন্ত্ৰীক এই বিভাগৰ দায়িত্ব দি আহিছে ।
লগতে পঢ়ক :৩৯ বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাটো লাজৰ বিষয় : লুৰীণজ্যোতি গগৈ - 39 years of Assam Accord
কেৱল মাথো বিশেষজ্ঞ কমিটী গঠনতে সীমাবদ্ধ :
অবৈধ বিদেশী বহিষ্কাৰৰ নামত ৮৫৫ গৰাকী শ্বহীদ হোৱাৰ লগতে আন্দোলন দমনৰ নামত নিৰাপত্তাৰক্ষীৰ নির্যাতনত হাজাৰজন চিৰদিনৰ বাবে ঘূণীয়া হ'ল । হাজাৰ হাজাৰ শিক্ষার্থীৰ শিক্ষাবর্ষ লোকচান হ'ল । ইমানৰ পাছতো অসম চুক্তি আজিও গেঁঠেলা মাৰিয়েই থাকিল ।
লক্ষণীয় বিষয় যে অসমত চৰকাৰ সলনিৰ লগে লগেই প্রতিখন ৰাজ্য চৰকাৰেই অসম চুক্তি ৰূপায়ণৰ বাবে ইখনৰ পাছত সিখন বিশেষজ্ঞ কমিটী গঠন কৰে । তেনে বিশেষজ্ঞ কমিটীয়ে নির্ধাৰিত সময়ত প্রতিবেদন দাখিল কৰে যদিও উক্ত প্রতিবেদন ৰূপায়ণ কৰাত চৰকাৰসমূহ ৰহস্যজনকভাৱে মৌন হৈ থাকে ।
তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম চুক্তি ৰূপায়ণক বিশেষ গুৰুত্ব দিয়াৰ বাবে ২০১৯ চনৰ ১৫ জুলাইত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অবসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত চুক্তিৰ অতিশয় গুৰুত্বপূর্ণ ৬ নং দফা সন্দৰ্ভত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছিল । এই কমিটীয়ে ২০২০ চনৰ ফেব্ৰুৱাৰীত প্রতিবেদন সম্পূর্ণ কৰি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ হাতত দাখিল কৰিব বিচাৰিছিল যদিও কেন্দ্রীয় গৃহ মন্ত্ৰীয়ে কমিটীখনক তেতিয়াৰে পৰা সময় দিব নোৱাৰিলে আৰু অসমৰ জাতীয় স্বার্থ জড়িত হৈ থকা উক্ত প্ৰতিবেদনৰ বাবে বিগত ৪ বছৰেও কেন্দ্রীয় গৃহ মন্ত্ৰীৰ সময়েই নোলাল ।