বাইহাটা:আৰক্ষী আৰু STF ৰ এটা দলে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ ঘোৰামাৰাস্থিত বাসগৃহৰ পৰা USTM ৰ স্বত্বাধিকাৰী তথা আচার্য মহবুবুল হকক আটক কৰে । কি অভিযোগত হকক আটক কৰা হৈছে এই পৰ্যন্ত মুখ খোলা নাই আৰক্ষীয়ে ।
আচার্যগৰাকীক আটক কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । শনিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে ERD ফাউণ্ডেশ্যনৰ অন্যতম স্বত্বাধিকাৰী তথা USTMৰ আচার্য মহবুবুল হকক আটক কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্য়ক্ত কৰি শনিবাৰে সাংবাদিকৰ আগত কয়, "অসমত বহুদিনৰ পৰা মই এটা ডাঙৰ চক্ৰক লক্ষ্য কৰি আছিলো । সেইটো হ'ল মেডিকেল, ইঞ্জনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা কেন্দ্ৰ সলনি কৰি দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ ছাত্ৰ-ছাত্ৰীসকলক লৈ যোৱা হয় । গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ মুঠ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক CBSE পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি এইসকল ছাত্ৰ-ছাত্ৰীক বৰাক উপত্য়কাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল । পিছত যেতিয়া এই ছাত্ৰ-ছাত্ৰীসকল এনে সুবিধাৰ পৰা বঞ্চিত হ'ল তেতিয়া এই ছাত্ৰ-ছাত্ৰীসকলে হুলস্থূল আৰম্ভ কৰিলে ৷ এতিয়া এই বিষয়টো পোহৰলৈ আহিল ।"