গুৱাহাটী: ই আৰ ডি ফাউণ্ডেশ্যনৰ ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চি বি এছ ই পৰীক্ষাত ৩০ নম্বৰকৈ অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতিৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্য়াহত আছে । এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰিছে ই আৰ ডি ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক । ইয়াৰ মাজতেই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে ২৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ তালিকা ।
চি বি এছ ই পৰীক্ষাত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া শিক্ষাৰ্থীসকলৰ তালিকা দেওবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে তালিকাখন প্ৰকাশ কৰি লিখিছে,"এয়া হৈছে সেইসকল শিক্ষাৰ্থীৰ নাম,যাক ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ দ্বাৰা চি বি এছ ই পৰীক্ষাত অধিক নম্বৰ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ অসম আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু এক গোচৰ পঞ্জীয়ন কৰা হৈছে । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু আমি সকলোৰে সহযোগিতা কামনা কৰিলো ।"
উল্লেখ্য যে পাথাৰকান্দিৰ এটা পৰীক্ষা কেন্দ্ৰত একাংশ পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগতে বৃহস্পতিবাৰে মাজনিশা প্রায় ডেৰ বজাত মহানগৰ আৰক্ষী আৰু এছ টি এফৰ দলে মহানগৰীৰ ঘোঁৰামাৰাৰ বাসগৃহৰপৰা আটক কৰিছিল হকক । নিশাটো পাণবজাৰ থানাত ৰখাৰ পাছত পুৱা গ্ৰেপ্তাৰ কৰি হকক শ্রীভূমি সদৰ থানালৈ নিয়ে আৰক্ষীয়ে ।
ইপিনে, ইউ এছ টি এমৰ আচার্য মহবুবুল হকৰ লগতে পাথাৰকান্দিব চেন্ট্রেল পাব্লিক স্কুলৰ পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্রীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে । মহবুবুল হকৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে । পাথাৰকান্দিৰ চেন্ট্রেল পাব্লিক স্কুল পৰীক্ষা কেন্দ্রত চি বি এছ ইৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি থকাৰ সময়ত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি । পৰীক্ষাত বিশেষ সহায়ৰ উদ্দেশ্যেৰে ই আৰ ডি ফাউণ্ডেশ্য়নৰ অধীনৰ স্কুলখনৰ কেন্দ্ৰটোলৈ দুই শতাধিক পৰীক্ষাৰ্থীক লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ।