গুৱাহাটী:'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম । মাদলৰ চেৱত ঝুমইৰে প্ৰাণ পাই উঠিছে সৰুসজাইত । মাত্ৰ এটা দিন বাকী আছে এই বিৰল ক্ষণৰ বাবে । ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন হ'বলগীয়া 'ঝুমইৰ বিনন্দিনী'ৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ শনিবাৰে নিশা সৰুসজাইত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
শনিবাৰে সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিপৰ্বৰ বুজ লৈ সমগ্ৰ কাম-কাজৰ তদাৰক কৰে । লগতে ঝুমইৰ শিল্পীসকলৰ নৃত্য অনুশীলন প্ৰত্যক্ষ কৰি সাংবাদিকৰ আগত কয়, "অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ সাংস্কৃতিক স্বৰূপ ঝুমইৰ নৃত্য়ৰ প্ৰদৰ্শনী হ'ব । ঝুমইৰ শিল্পীসকলক ৰাজ্য চৰকাৰে দিব ২৫ হাজাৰকৈ টকা ।" লগতে ৰাজ্যৰ ৮০০খন বাগিচাতো সাংস্কৃতিক সংঘ নিৰ্মাণ কৰিবলৈ ২৫ হাজাৰকৈ টকা ৰাজ্য চৰকাৰে দিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।