গুৱাহাটী, ৩০ জুলাই : ৰাজভৱনত মঙলবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সপত্নীৰে বিদায়ী ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেওঁৰ সহধৰ্মিণী অনিতা কাটাৰিয়াক সাক্ষাৎ কৰি বিদায় সম্বাষণ জ্ঞাপন কৰে । সাক্ষাতৰ মুহূৰ্তত ৰাজ্যপালগৰাকীক অসমবাসীৰ হৈ ৰাজ্যৰ প্ৰতি অনবদ্য সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁৰ নতুন ৰাজ্যপালৰ ভূমিকাৰ বাবে মুখ্যমন্ত্রীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।
উল্লেখ্য যে, ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক গুলাব চান্দ কাটাৰিয়াৰ স্থানত অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে ।
গুলাব চান্দ কটাৰিয়াৰ ৰাজনৈতিক পৰিক্ৰমা :
গুলাব চান্দ কটাৰিয়াই ২০২৩ চনৰ ২২ ফেব্ৰুৱাৰীত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল । গুলাব চান্দ কটাৰিয়াৰ ঘৰ ৰাজস্থানৰ উদয়পুৰত । অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আৰু ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল ।
তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰৰ গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ২০০৪ চনৰ ৩১ মে’ৰ পৰা ২০০৮ চনৰ ৮ ডিচেম্বৰলৈকে আৰু পুনৰ ২০১৫ চনৰ পৰা ২০১৮ চনলৈকে ৰাজস্থান চৰকাৰৰ অধীনত গৃহমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ৰাজস্থানৰ বিজেপি দলৰ জ্যেষ্ঠ নেতা হোৱাৰ উপৰি দলটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য হিচাপেও সেৱা আগবঢ়াইছিল ।