অসম

assam

ETV Bharat / state

উচ্চ শিক্ষা স্বনিয়োজনৰ হেঙাৰ নহয়: গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে - DIBRUGARH PIG FARMER

বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি সফল হৈছে ডিব্ৰুগড়ৰ খোৱাং বাঘতলী পথাৰ গাঁৱৰ অতুল দিহিঙীয়া । বজাৰ দখলৰ চেষ্টা উচ্চ শিক্ষিত যুৱকগৰাকীৰ ।

Dibrugarh pig farmer
গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 4:50 PM IST

ডিব্ৰুগড় :চৰকাৰী চাকৰিৰ ৰঙীন বিজ্ঞাপন চাই বৰ্তমান চাকৰি বিচাৰি হাবাথুৰি খাইছে উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে । কিছু কিছুৱে চৰকাৰী চাকৰি লাভ কৰিছে, আন বহুতে আকৌ বিজ্ঞাপনৰ সন্ধানত প্ৰতিটো দিনেই অপেক্ষা কৰিছে । কিন্তু তেনে সময়তে বহু উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে স্বনিৰ্ভৰশীল হোৱাৰ বাবে আৰম্ভ কৰিছে কৰ্মসংস্কৃতি ।

কোনোবাই যদি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে, আন কোনোবাই আকৌ কৃষি আৰু ব্যৱসায়ত গুৰুত্ব আৰোপ কৰিছে । তেনেক্ষেত্ৰত চৰকাৰী চাকৰি লাভ নকৰা যুৱক-যুৱতীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ এগৰাকী উদ্যমী যুৱকে ।

গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ এজন যুৱকে (ETV Bharat Assam)

ডিব্ৰুগড়ৰ খোৱাং বাঘতলী পথাৰ গাঁৱৰ অতুল দিহিঙীয়া নামৰ উচ্চ শিক্ষিত যুৱকজনে আনসকলৰ দৰে চৰকাৰী চাকৰি লাভৰ আশাত নিজকে ব্যস্ত নাৰাখি আৰম্ভ কৰিছে বিজ্ঞানসন্মতভাৱে গাহৰি পালন ।

কিয়নো বৰ্তমান সময়ত গাহৰি মাংসৰ এখন অতি ভাল বজাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত গঢ়ি উঠিছে । ফলত গাহৰিৰ ফাৰ্ম কৰি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম । গাহৰি পালনেৰে স্বাৱলম্বনৰ বাট দেখুৱাইছে ডিব্ৰুগড়ৰ উচ্চ শিক্ষিত যুৱক অতুল দিহিঙীয়াই ।

গাহৰি পোৱালি আৰু গাহৰি মাংসৰ বজাৰ দখলৰ চেষ্টা

উচ্চ শিক্ষিত হোৱাৰ পাছত প্ৰায় সকলোৱে ব্যক্তিগত খণ্ডতেই হওক বা চৰকাৰী, এটা ভাল দৰমহা লাভ কৰা চাকৰিৰ কথা ভাবে । কিন্তু ইয়াৰ বিপৰীতে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি সফল হৈছে ডিব্ৰুগড়ৰ খোৱাং বাঘতলী পথাৰ গাঁৱৰ অতুল দিহিঙীয়া । দিহিঙীয়া পিগ্ ফাৰ্ম নামেৰে গাহৰি ফাৰ্মখন নামকৰণ কৰি য়ৰ্কশ্বেয়াৰ, হেম্পশ্বেয়াৰ আদি জাতৰ গাহৰি পালন কৰিছে যুৱকজনে ।

স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকজনে গাহৰি পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি দুবছৰ পূৰ্বে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে গাহৰি ফাৰ্মখন আৰম্ভ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । গাহৰি পোৱালি আৰু গাহৰি মাংস বিক্ৰী কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কেইবাজনকো সংস্থাপন দিবলৈ সক্ষম হৈছে ।

বিক্ৰীৰ বাবে কেনেকৈ সাজু কৰা হয় গাহৰি পোৱালি আৰু গাহৰি মাংস

দিহিঙীয়া পিগ্ ফাৰ্মৰ জৰিয়তে উদ্যমী যুৱকজনে উন্নত জাতৰ গাহৰি পালন কৰি গাহৰি পোৱালিৰ লগতে গাহৰি বিক্ৰী কৰি আহিছে । যুৱকজনে জানিবলৈ দিয়া অনুসৰি, "এজনী গাহৰিয়ে বছৰত দুবাৰকৈ পোৱালি দি আহিছে । ফলত সকলো জাতৰ এটা পোৱালি ৫৫০০ পৰা ৬০০০ টকাত বিক্ৰী হৈছে । আনহাতে, জন্মৰ পৰা ৭ মাহ পাৰ হ'লেই এটা গাহৰিক মাংসৰ বাবে বজাৰলৈ উলিয়াই দিয়া হয় । এটা গাহৰি ৭ মাহত ১১০ কেজি পৰ্যন্ত হৈছে ।"

বৰ্তমান সময়ত যুৱকজনে জীৱিত অৱস্থাত প্ৰতিকেজি গাহৰিত ২৫০ টকাকৈ লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে । মাংসৰ বাবে গাহৰিবোৰ উজনি অসমৰ প্ৰায়সমূহ জিলাৰ পৰা বেপাৰী আহি লৈ যায় ।

নতুন প্ৰজন্মক গাহৰি পালনৰ বাবে আগবাঢ়ি অহাৰ আহ্বান

বৰ্তমান সময়ত অসমত গাহৰি মাংসৰ এখন বজাৰ গঢ়ি উঠাত গাহৰি পালকসকল লাভান্বিত হৈছে । ডিব্ৰুগড়ৰ খোৱাং বাঘতলী পথাৰ গাঁৱৰ অতুল দিহিঙীয়াই গাহৰি ফাৰ্ম খুলি দুটা বছৰেই সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে । আনহাতে, যিসকলে গাহৰি ফাৰ্ম কৰাৰ চিন্তা বা পৰিকল্পনা কৰিছে সেইসকলক গাহৰি পালনৰ বাবে আগবাঢ়ি অহাৰ আহ্বান জনাই গাহৰি পালক অতুল দিহিঙীয়াই । যাৰ ধৈৰ্য আৰু একাগ্ৰতা আছে তেওঁলোকে গাহৰি পালন কৰি সফল হ'ব পাৰিব বুলিও কয় উদ্যমী যুৱকজনে ।

গাহৰি পালন বিজ্ঞানসন্মত হোৱা প্ৰয়োজন

অৱশ্যে গাহৰি মাংসৰ লগতে গাহৰি পোৱালিৰ বজাৰত দাম যথেষ্ট বৃদ্ধি পাইছে যদিও একাংশ গাহৰি পালক বিপদত পৰিছে । শেহতীয়াকৈ অসমত গাহৰিৰ এক জ্বৰৰ দৰে ৰোগে দেখা দিছে । ফলত বহু পালকৰ শ শ গাহৰি মৃত্যু হৈছে । অসমত এই ৰোগ নিৰাময়ৰ বাবে পশু চিকিৎসকসকল সফল হ'ব পৰা নাই । সেয়ে চিকিৎসকসকলে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰিবলৈ আহ্বান জনাই আহিছে । দেখিবলৈ পোৱা গৈছে যে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা গাহৰি পালকসকলে ৰোগৰ পৰা নিজৰ ফাৰ্মখন সুৰক্ষা দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :জলবায়ু পৰিৱৰ্তনৰ কৱলত কমলা খেতি; প্ৰত্যাহ্বানৰ সন্মুখীন কমলা খেতিয়ক
লগতে পঢ়ক :'২৫ ত কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ১২ কোটি টকাৰ ৰঙালাও

ABOUT THE AUTHOR

...view details