কৰিমগঞ্জ, ১৪ অক্টোবৰ: ৰাজ্যত দুৰ্গোৎসৱ উছাহ অব্যাহত থকাৰ মাজতে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ৷ কৰিমগঞ্জত দেওবাৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হোৱা ঘটনাই উদঙাই দিছে এই বিষয়টো ৷ আৰক্ষীৰ অভিযানত জব্দ হৈছে এই নিচাজাতীয় দ্ৰব্যখিনি ৷ অতি কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ সৰবৰাহ কৰি আহিছে ড্ৰাগছ ।
শেহতীয়াকৈ কৰিমগঞ্জৰ বদৰপুৰত কৰিমগঞ্জ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ড্ৰাগছসহ জালত পৰিছে এটা সৰবৰাহকাৰী চক্ৰ ৷ আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত চলাইছিল তালাচী অভিযান ৷ কেবাকোটি টকাৰ ড্ৰাগছ সেই পথেৰে সৰবৰাহকাৰীয়ে লৈ যোৱাৰ চেষ্টা চলাব বুলি এক সূত্ৰই খবৰ দিছিল আৰক্ষীক । সষ্টম হৈ পৰিছিল কৰিমগঞ্জ আৰক্ষী । খাকী পোছাকৰ লগতে অসামৰিক পোছাকতো তালাচী চলোৱা স্থানৰ পৰা কিছু দূৰৈত ৰৈ আছিল আৰক্ষীৰ জোৱান । যাতে অধিক খাকী পোছাকধাৰী দেখি সৰবৰাহকাৰীয়ে পথ সলনি নকৰে ।
আৰক্ষী বিষয়ালৈ আহিছিল ফোনকল:
দেওবাৰে হঠাৎ এজন আৰক্ষী বিষয়ালৈ আহিল এটা ফোনকল । ফোনত সিমূৰৰ পৰা সূত্ৰই খবৰ দিলে যে ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলে বহু কোটি টকাৰ ড্ৰাগছ লৈ আহি আছে । লগে লগে সষ্টম হৈ পৰিল সকলো । MZ 01D 7755 নম্বৰৰ এখন Maruti Wagon-R বাহনৰ ওপৰত নজৰ আছিল আৰক্ষীৰ । যথাসময়ত আহি আৰক্ষীৰ সন্মুখত ৰ’লহি গাড়ীখন । তালাচীৰ সময়তে গাড়ী এৰি পলায়নৰ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইটাই ।