অসম

assam

ETV Bharat / state

পলিঅ' প্ৰতিষেধক সেৱনৰ পিছতে শিশুৰ মৃত্যু; স্বাস্থ্য বিভাগৰ তদন্ত অব্যাহত - DIBRUGARH CHILD MYSTERIOUS DEATH

নাৰ্চ আৰু অংগনবাড়ী সহায়িকাৰ উপস্থিতিত দিয়া হৈছে পলিঅ'ৰ প্ৰতিষেধক । শিশুটিৰ মৃত্যুৰ পিছতে হাহাকাৰ পৰিস্থিতি ।

Dibrugarh Child mysterious death
পলিঅ' প্ৰতিষেধক সেৱনৰ পিছতে শিশুৰ মৃত্যু (ETV Bharat)

By ETV Bharat Assamese Team

Published : Dec 12, 2024, 1:02 PM IST

মৰাণ:পলিঅ'মুক্ত অসমৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৮ ডিচেম্বৰত ৰাজ্যজুৰি শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱনৰ কাৰ্যসূচী হাতত লৈছিল । তাৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাঙত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পলিঅ' সেৱনৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ কৰিছে পৰিয়ালে । টিংখাঙৰ সৰুজনী মাজগাঁৱত সংঘটিত হৈছে এই ঘটনা । নাৰ্চ আৰু অংগনৱাড়ী সহায়িকাৰ ভুলৰ বাবে দুমহীয়া শিশুটি মৃত্যুমুখত পৰাৰ অভিযোগ কৰিছে পৰিয়ালে ।

পৰিয়ালৰ অভিযোগ অনুসৰি অসুস্থ হৈ থকা দুমহীয়া শিশুটিক যোৱা সোমবাৰে অৰ্থাৎ ৯ ডিচেম্বৰত দিনৰ প্ৰায় ১ মান বজাত পলিঅ' খুৱাইছিল । তাৰ পিছত নিশা প্ৰায় ২ মান বজাত শিশুটিয়ে মৃত্যুক আঁকোৱালি লয় । জানিব পৰা মতে শিশুটি জ্বৰ,চৰ্দি আৰু কাহত ভুগি আছিল । যোৱা ৬ ডিচেম্বৰত ৰাজগড় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শিশুটিৰ চিকিৎসা কৰাও হৈছিল । কিন্তু সোমবাৰে নাৰ্চ আৰু অংগনবাড়ী সহায়িকাই পৰিয়ালটোক কোনো সোধা-পোচা নকৰাকৈয়ে শিশুটিক পলিঅ' খুৱাই দিয়ে । ফলত নিশা শিশুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে । ইফালে শিশুটিৰ মৃত্যুৰ পিছতে মাতৃও অসুস্থ হৈ পৰে । লগে লগে মাতৃক ৰাজগড় প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ।

পলিঅ' প্ৰতিষেধক সেৱনৰ পিছতে শিশুৰ মৃত্যু (ETV Bharat)

পিতৃৰ অভিযোগ

সংবাদ মাধ্যমৰ সন্মুখত শিশুটিৰ পিতৃয়ে অভিযোগ কৰা মতে নাৰ্চ আৰু অংগনবাড়ী সহায়িকাই শিশুটি অসুস্থ বুলি জনাৰ পিছতো পলিঅ' প্ৰতিষেধক সেৱন কৰাইছিল । আনকি শিশুটিৰ মাতৃয়ে নাৰ্চ আৰু অংগনবাড়ী সহায়িকাক শিশুটিৰ স্বাস্থ্যৰ কথা অৱগত কৰিছিল । কিন্তু তেওঁলোকে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । সেয়েহে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে শিশুটিৰ পিতৃয়ে । শিশুটিৰ পিতৃয়ে জনোৱা মতে অংগনবাড়ীৰ সহায়িকাই ভুল হোৱা বুলি ফোনযোগে পৰিয়ালটোক অৱগত কৰিছে আৰু আৰক্ষী থানাত গোচৰ নিদিবলৈ আহ্বান জনাইছে ।

স্বাস্থ্য বিভাগৰ তৎপৰতা

পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰাৰ পিছতে শিশুৰ মৃত্যুৰ অভিযোগ উঠাৰ লগে লগে স্বাস্থ্য বিভাগত হাহাকাৰ লাগিছে । জিলা স্বাস্থ‍্য সঞ্চালকালয়ৰ কাৰ্যালয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰি দিছে । তদন্তৰ দায়িত্ব লাভ কৰা বিষয়াৰ দলটোৱে টিংখাঙত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে ।

কি কয় তদন্তকাৰী বিষয়াই ?

তদন্তকাৰী বিষয়াই ইটিভি ভাৰতক অৱগত কৰিছে যে সেইদিনা নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ টিংখাং ছেক্টৰ বাকমৰা উপ-স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী এএনএম আৰু অংগনবাড়ী সহায়িকাই ঘৰলৈ গৈ শিশুটিক পলিঅ' প্ৰতিষেধক খুৱাইছিল । সেই সময়ত শিশুটি ঘৰৰ চোতালতে আছিল । ইফালে এএনএম আৰু অংগনবাড়ী সহায়িকাই পৰিয়ালক অৱগত কৰিয়ে পলিঅ' প্ৰতিষেধক খুৱাইছিল । কিন্তু পৰিয়ালে যিহেতু অভিযোগ কৰিছে সেয়ে তদন্ত কৰা হৈছে ।

এই ক্ষেত্ৰত স্বাস্থ‍্য বিভাগৰ অৱহেলা আছিল নেকি তাৰো পৰীক্ষা কৰা হৈছে বুলি তদন্তকাৰী বিষয়াই জনাইছে । এএনএম, অংগনবাড়ী সহায়িকা আৰু শিশুটিৰ পৰিয়ালৰ লোকৰ ভাষ্য সংগ্ৰহ কৰা হ'ব বুলি তেওঁলোকে অৱগত কৰে । বিষয়াসকলে জনোৱা মতে এটা ড্ৰপাৰেৰে পলিঅ' প্ৰতিষেধক ১৮ টা শিশুক খুওৱা হয় । আন শিশুসকলৰ এতিয়ালৈ একো সমস্যা হোৱা নাই বুলি তেওঁলোকে জনাইছে ।

লগতে পঢ়ক :জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ২৫ খন ৰাজ্যৰ ভিতৰত অসম; ২২ নম্বৰতহে পালে স্থান

ABOUT THE AUTHOR

...view details