বিশ্বনাথ, 23ফেব্ৰুৱাৰী : ৰাজ্যত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অব্যাহত থকাৰ মাজতেই 22 ফেব্ৰুৱাৰীত গুৱাহাটীত এজন ছাত্ৰই আত্মহননৰ পথ বাচি লোৱাৰ খবৰ পোহৰলৈ আহিছিল ৷ মহানগৰীৰ বেলতলাৰ চন্দন নগৰত সংঘটিত সংঘটিত হৈছিল এই আত্মহত্যাৰ ঘটনা । বেলতলাৰ চন্দন নগৰৰ উৰ্বশী এনক্লেভৰ ফ্লেট নম্বৰত 102 ত উদ্ধাৰ হৈছিল এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ মৃতদেহ । চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ মৃতদেহ ।
এজন কেয়াৰ টেকাৰৰ সৈতে ফ্লেটত অকলে বাস কৰিছিল ছাত্ৰজনে ৷ পুৱা শুই উঠি ছাত্ৰজনৰ কোঠাৰ দৰ্জা বন্ধ অৱস্থাত দেখা পাইছিল কেয়াৰ টেকাৰগৰাকীয়ে ৷ তাৰ পিচতে এনক্লেভটোৰ নিৰাপত্তাৰক্ষীয়ে দুৱাৰ ভাঙি ছাত্ৰজনক চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷
এই ঘটনাৰ খবৰ লাভ কৰি, ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ লৈ যায় । ইফালে মৃত ছাত্ৰজনৰ কোঠাৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ হৈছিল ৷