অসম

assam

ETV Bharat / state

আকিৰা মিয়াৱাকি পদ্ধতিৰে অতিৰিক্ত বৃক্ষৰোপণ গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ - Plantation Programme

Plantation Programme : মিনি ফৰেষ্ট গঠনৰ লক্ষৰে গুৱাহাটী শোধনাগাৰ-প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ পদক্ষেপ । নুনমাটি লোহিত নগৰত ১.২ হেক্টৰ ভূমিত জাপানীছ পদ্ধতিৰে ২৫ হেজাৰ গছপুলি ৰোপণ । দেওবাৰে ডিগবৈ শোধনাগাৰৰ ভূমিত অভিলেখ সংখ্যক ১ লাখ ১১ হাজাৰ ১১১ টা গছপুলি ৰোপণ কৰাৰ কথা ঘোষণা ।

Guwahati Refinery Authority to plant additional tree plantations through Akira Miyawaki method
গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ বৃক্ষৰোপণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 12:07 PM IST

গুৱাহাটী, ৯ জুন :অসমৰ জলবায়ুৰ অভাৱনীয় পৰিবৰ্তন তথা গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপণৰে প্ৰকৃতিৰ ভাৰসাম্য বজাই ৰখাৰ বাবে এটা এটা অঞ্চল সামৰি এখন মিনি ফৰেষ্ট সৃষ্টি কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষই নুনমাটি লোহিত নগৰ অঞ্চলত ১.২ হেক্টৰ মাটিত কাৰ্বন নিষ্কাশনৰ বাবে “সংশোধিত” আকিৰা মিয়াৱাকি(জাপানীছ) পদ্ধতিৰ জৰিয়তে অতিৰিক্ত গছপুলি ৰোপণ কৰে ৷

আকিৰা মিয়াৱাকি পদ্ধতিৰে অতিৰিক্ত বৃক্ষৰোপণ গুৱাহাটী শোধনাগাৰ কৰ্তৃপক্ষৰ (ETV Bharat Assam)

যাৰ যোগেদি নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য তথা মিনি ফৰেষ্ট স্থাপনৰ লক্ষ্যৰে থলুৱা প্ৰজাতিৰ ২৫,০০০ পুলি ৰোপণ কৰে । এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী ৰিফাইনেৰীৰ মুখ্য প্ৰবন্ধক পি কে বসুমতাৰী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তই একোটাকৈ গছ পুলি ৰোপণ কৰি এই কার্যসূচীৰ শুভাৰম্ভ কৰে ।

উল্লেখ্য যে,ভাৰতীয় তেল নিগম লিমিটেডে ২০৭০ চনৰ ভিতৰত COP 26 ত নেট জিৰ’ লাভ কৰাৰ লক্ষ্যৰে শক্তি হ্ৰাস, গছপুলি ৰোপণ, গতানুগতিক ইন্ধনৰ সলনি সেউজ ইন্ধন আদিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণৰ যোগেদি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে ।

ভাৰতীয় তেল নিগমত চলি থকা নেট জিৰ' পদক্ষেপৰ অংশ হিচাপে শনিবাৰে নুনমাটিত জাপানীজ পদ্ধতিৰে গছপুলি ৰোপণ কৰে । ইফালে পৰিৱেশ পাৰিপাৰ্শ্বিকতা বজাই ৰখাৰ সংকল্পৰে যোৱা ৫ জুনত অৰ্থাৎ বিশ্ব পৰিবেশ দিৱসৰ দিনা গুৱাহাটী শোধনাগাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰাৰ কথা জানিবলৈ দি প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তই ।

তেওঁ কয়, "২৩-২৪ বর্ষত ভাৰতীয় তেল নিগমত জাপানীজ পদ্ধতিৰ সহায়ত ১০ লাখ গছ পুলি ৰোপণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰে ৬ লাখ ২৫ হাজাৰ গছ পুলি ডিবগৈ শোধানাগাৰত আৰু এন আৰ এলত ২লাখ ৫০ হাজাৰ গছ পুলি ৰোপণ কৰা হ'ব । দেওবাৰে ডিবগৈ শোধানাগাৰৰ ভূমিত অভিলেখ সংখ্যক ১ লাখ ১১ হাজাৰ ১১১ টা গছপুলি ৰোপণ কৰা হ'ব ।’’

লগতে পঢ়ক:ওদালগুৰিৰ ভেৰগাঁৱত বিটিআৰৰ ই এমৰ গছপুলি ৰোপণ - World Environment Day 2024

গছপুলি ৰোপণেৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী এগৰাকী শিক্ষক - Great work by a teacher IN KALIABOR

ABOUT THE AUTHOR

...view details