গুৱাহাটী,২০ আগষ্ট:" অসমৰ আইন শৃংখলা কোনোপধ্যে বিঘ্নিত হ'ব নিদিও । কোনোবাই বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।" এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । মঙলবাৰে সঞ্চালক প্ৰধান জি পি সিঙে ১৫ আগষ্টত আলফা স্বাধীনে বোমা সংস্থাপন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়,"১৫ আগষ্টৰ বোমা উদ্ধাৰক লৈ এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৪ জনক আটক কৰা হৈছে । তাৰ মাজত এজনে বোমা স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছে । শিৱসাগৰৰ বোমা উদ্ধাৰ ঘটনাৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰক্ষীয়ে । গুৱাহাটী আৰু লখিমপুৰৰ বোমা উদ্ধাৰৰ ঘটনা এন আই এৰ হাতত হস্তান্তৰ কৰা হ'ব । বোমা উদ্ধাৰৰ ঘটনাক লৈ ৰাজ্যত মুঠ ১০ টকা গোচৰ ৰুজু কৰা হৈছে ।"
উল্লেখ্য যে স্বাধীনতা দিৱসৰ দিনাই আলফা স্বাধীনে এক বিবৃতিযোগে সমগ্র ৰাজ্যকে ধৰি গুৱাহাটীত ২৫টা বোমা সংস্থাপনৰ কথা উল্লেখ কৰাৰ পিছতেই অসম আৰক্ষীত হাহাকাৰৰ সৃষ্টি কৰিছিল । নিষিদ্ধ ঘোষিত সংগঠনটোৱে দাবী কৰা মতে,ৰাজ্যৰ প্ৰায় ২৫টা স্থানত বোমা সংস্থাপন কৰা হৈছিল । তাৰ পিছতে আৰক্ষীয়ে বোমা সংস্থাপিত স্থানত অভিযান আৰম্ভ কৰে । গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপন কৰাৰ কথাও দাবী কৰিছিল আলফা স্বাধীনে।
আলফা স্বাধীনৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ :