অসম

assam

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 10:09 PM IST

ETV Bharat / state

হিট এণ্ড ৰাণ বিধেয়ক বাতিলৰ দাবীত ১৫ ফেব্ৰুৱাৰীত চৰকাৰী-বেচৰকাৰী পৰিবহণ শ্ৰমিকৰ ধৰ্মঘট

Transport workers strike : ৰাজ্যজুৰি অব্যাহত আছে হিট এণ্ড ৰাণ বিধেয়ক বাতিলৰ দাবী ৷ অহা ১৫ ফেব্ৰুৱাৰীত চৰকাৰী-বেচৰকাৰী পৰিবহণ শ্ৰমিকসকলে ধৰ্মঘট আৰু গ্ৰামীণ অসম বন্ধ পালন পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Transport workers strike
হিট এণ্ড ৰাণ বিধেয়ক বাতিলৰ দাবীত ১৫ ফেব্ৰুৱাৰীত চৰকাৰী-বেচৰকাৰী পৰিবহণ শ্ৰমিকৰ ধৰ্মঘট

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী :কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন তথা কৃষক সংগঠনসমূহে যৌথভাৱে বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক কৰ্মচাৰী বিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লক্ষ্য লৈ অহা ১৬ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে ক্ষেত্ৰভিত্তিক শ্ৰমিক ধৰ্মঘট আৰু গ্ৰামীণ ভাৰত বন্ধৰ আহ্বান জনায় । যদিও ১৬ ফেব্ৰুৱাৰীৰ পৰা অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ বাবে ১৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অহা ১৫ ফেব্ৰুৱাৰীত এই বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি আন্দোলন কাৰ্যসূচীৰ আহবায়ক সংগঠনসমূহৰ হৈ ক্ৰমে হিৰণ্য বৰা, মুনিন মহন্ত, তপন শৰ্মা, হানিফ আলি শ্বেখ আৰু শিশিৰ কাকতিয়ে বক্তব্য ৰাখি কয় যে, কৃষকৰ উৎপাদিত সামগ্ৰী ন্যূনতম সমৰ্থন মূল্য আদায় পোৱাটো নিশ্চিত কৰা, চৰকাৰে আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা (কোড) বাতিল কৰা, সুদক্ষ শ্ৰমিকৰ নূ্যনতম মজুৰি মাহিলি ২৬,০০০/- টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, চাহ শ্ৰমিকক দৈনিক হাজিৰা ৬৬১ টকা আদায় দিয়া, আঁচনিভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদান কৰা, ই এছ আইৰ চিলিং ৩৫,০০০/ টকালৈ বৃদ্ধি কৰক আৰু বোনাছৰ চিলিং প্ৰত্যাহাৰ কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ (Corporat Tax) সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আদি জনহিতকৰ কামত চৰকাৰী ব্যয় বৃদ্ধি কৰা, সভা-সমিতি আদি সংগঠিত কৰাৰ ওপৰত অসম চৰকাৰে জাৰি কৰা মাচুল প্ৰত্যাহাৰ কৰা, মটৰ পৰিবহন চালকসকলৰ ওপৰত জাপি দিয়া ‘হিট এণ্ড ৰান' বিধেয়ক বাতিল কৰা, উপযুক্ত পুনৰবাসনৰ ব্যৱস্থা নকৰাকৈ কৃষক উচ্ছেদ বন্ধ ৰখা, গৰাখহনীয়া আৰু প্ৰাকতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকক পৰ্যাপ্ত ক্ষতিপূৰণ আদায় দিয়া আদিৰ দাবীত হব এই আন্দোলন কৰা হ’ব ।

সংগঠনটোৰ নেতৃবৃন্দই কয় যে, চৰকাৰৰ স্বঘোষিত অমৃত কালত দেশৰ সংবিধান তথা গণতন্ত্ৰ আজি বিপদৰ সন্মুখীন হৈছে । একেদৰে এই অমৃত কাল অৱস্থাতেই আমাৰ দেশৰ শ্ৰমজীৱী আৰু কৃষিজীৱী ৰাইজে নিজৰ জীৱন-জীৱিকাৰ বাবে প্ৰমাদ গণিব লগাত পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব দাম বৃদ্ধি, বৰ্দ্ধিত নিবনুৱা সমস্যা, কৃষি পথাৰৰ দুৰাৱস্থা, ব্যাপক হাৰত কৃষক উচ্ছেদ, সৰ্বোপৰি অন্যায়ৰ বিৰুদ্ধে মাত মাতিব নোৱাৰা অৱস্থাত সৰ্বসাধাৰণ ৰাইজে ‘অমৃত'ৰ সলনি দৈনন্দিন জীৱনত অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে ।

চৰকাৰে ঐতিহাসিক কৃষক আন্দোলনৰ সন্মুখত সেও মানি কৃষক বিৰোধী কৃষি আইন তিনিখন প্ৰয়োগৰ পৰা বিৰত থাকিল যদিও কৃষক সকলক দিয়া অন্যান্য প্ৰতিশ্ৰুতিবোৰ আজিলৈকে কাৰ্যকৰী নকৰিলে। একেদৰে কৃষি ভূমিৰ পৰা কৃষক উচ্ছেদ কৰি বৃহৎ ব্যৱসায়ীক ভূমি হস্তান্তৰ কৰি আছে যাৰ ফলত কৃষিখণ্ডত বিৰূপ প্ৰভাৱ পৰিব।
আনহাতে দীৰ্ঘদিনৰ সংগ্ৰামৰ বিনিময়ত অৰ্জন কৰা শ্ৰম আইনবোৰ একোখন সংহিতালৈ ৰূপান্তৰ কৰি শ্ৰমিকৰ সকলো অধিকাৰ ক্ৰমান্বয়ে কৰ্তন কৰাৰ নিষ্ঠুৰ ষড়যন্ত্ৰত লিপ্ত হৈছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ। অসম চৰকাৰে প্ৰায় ৮ বছৰ উকলি যোৱাৰ পিচতো শ্ৰমিকৰ ন্যুনতম মজুৰিৰ চৰকাৰী জাননী প্ৰকাশ কৰা নাই। চৰকাৰে যি কাম কৰিছে সেয়া কেৱল দেশৰ পুঁজিপতি আৰু বৃহৎ ব্যৱসায়ী গোষ্ঠীৰ স্বাৰ্থত। ফলত দেশত আয়ৰ বিৰাট বৈষম্য সৃষ্টি হৈছে।

সম্পদশালী দহ শতাংশ লোকৰ হাতত দেশৰ মুঠ আয়ৰ ৭২ শতাংশ কুক্ষিগত হৈছে। বিপৰীতে ৫০ শতাংশ সাধাৰণ ৰাইজৰ ওচৰত দেশৰ মুঠ আয়ৰ মাত্ৰ তিনি শতাংশহে আহে। অসমৰ অৱস্থা তাতকৈও চিন্তনীয়।

চৰকাৰী তথ্য মতে ১৭ লাখ নিবনুৱাই অসমত ভিৰ কৰি আছে। লক্ষ লক্ষ শ্ৰমিক অসমত আজি আইনগত ভাৱে প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত। অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কম¹ আৰু ৰন্ধন কৰ্মচাৰীসহ প্ৰায় তিনি লাখ মহিলা কৰ্মচাৰীয়ে অসমত বৰ্তমানেও কোনো মজুৰি নাপায়। আজিৰ সময়তো অসমৰ ১২ লাখ চাহ শ্ৰমিকে আইন অনুসৰি মজুৰি নাপালে। শ্ৰম আইনক বুঢ়া আঙুলি দেখুৱাই বৃহৎ ঠিকাদাৰ বাহিনীয়ে অসমৰ প্ৰায় ১৭ লাখ ঠিকা শ্ৰমিকক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে।

শ্ৰমিক-কৃষক সংগঠনসমূহে বিভিন্ন সময়ত এই দিশত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও চৰকাৰ নিৰ্বিকাৰ। আনকি কেন্দ্ৰীয় চৰকাৰে ১ ফেব্ৰুৱাৰীত সংসদত উত্থাপন কৰা অৱৰ্তীকালীন বাজেটতো দেশৰ বৃহৎ পুঁজিপতি সকলৰ বাবে বৃহৎ ৰেহাইৰ ব্যৱস্থা কৰিলে, বিপৰীতে সৰ্বসাধাৰণ ৰাইজে জুৰুলা হৈ থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ কোনো ব্যৱস্থা হাতত নল'লে। আনকি শিক্ষা, জনস্বাস্থ্য, আৰু শ্ৰমিক-কৰ্মচাৰীৰ সামাজিক সুৰক্ষা শিতানকে ধৰি মহিলা আৰু শিশু কল্যান বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত বাজেট কৰ্তন কৰিলে।

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে মটৰ পৰিবহন চালকসকলৰ ওপৰত এক নিৰ্মম আইন জাপি দিছে। ভাৰতীয় ন্যায় সংহিতাত ‘হিট এণ্ড ৰান' এক বিশেষ ধাৰা সংযোগ কৰিছে। যিখন ৰূপায়ণ হ'লে যিকোনো মটৰ দুঘটনা হ'লে চালকজনে জেলতো যাব লাগিব আৰু ফাইনো ভৰিব লাগিব।

এই পটভূমিত শ্ৰমিক, কৃষক তথা কৰ্মচাৰী সংগঠনসমূহে ঐক্যবদ্ধ হৈ দেশজোৰা প্ৰতিৰোধ আন্দোলন আৰম্ভ কৰিছে। তাৰেই এক পৰ্যায় হ'ল ১৬ ফেব্ৰুৱাৰীত দেশজোৰা ক্ষেত্ৰভিত্তিক শ্ৰমিক ধৰ্মঘট আৰু গ্ৰামীণ ভাৰত বন্ধ কাৰ্যসূচী।

লগতে পঢ়ক:৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ABOUT THE AUTHOR

...view details